টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Valeria marquez

Tiktok :মেক্সিকোৰ জলিস্ক’ প্রদেশত সামাজিক মাধ্যমৰ এগৰাকী জনপ্রিয় তাৰকা হত্যাৰ বলি হ’ল। প্ৰকাশিত বাতৰি অনুসৰি ২৩ বছৰ বয়সীয়া বলেৰিয়া মার্কেজ নামৰ এগৰাকী সামাজিক মাধ্যম তাৰকাক এজন লোকে গুলীয়াই হত্যা কৰিলে।

ADVERTISEMENT

মার্কেজে এখন বিউটি চেলুনত টিক্‌টক্‌ লাইভভিডিঅ’ স্ট্রিমিং কৰি থকা সময়তে গুলিবিদ্ধ হৈ মৃত্যুক আঁকোৱালি ল’লে।

মার্কেজে সামাজিক মাধ্যমত বিউটি ইনফ্লুৱেন্সাৰ হিচাপে বিপুল জনপ্রিয়তা অর্জন কৰিছিল। প্ৰকাশিত বাতৰি অনুসৰি, যোৱা মঙলবাৰে তেওঁ নিজৰ চেলুনত টিক্‌টক্‌ত ব্যস্ত থকাৰ সময়তে এজন যুৱকে উক্ত স্থানলৈ আহি তেওঁক গুলিবর্ষণ কৰিছিল।

আক্ৰমণকাৰী যুৱকজন ডেলিভাৰী বয় আছিল ।আক্রমণকাৰীয়ে মার্কেজক বুকু আৰু মূৰত গুলিবর্ষণ কৰিছিল। ঘটনা সংঘটিত কৰিয়ে আক্রমণকাৰীয়ে পলাই গৈছিল।

গুলিবিদ্ধ মার্কেজৰ ঘটনাস্থলীতে মৃত্যু হৈছিল। কি কাৰণত উক্ত যুৱকে মার্কেজক হত্যা কৰিলে সেয়া এতিয়াও পোহৰলৈ অহা নাই।

Exit mobile version