Free admission:বিনামূলীয়া নামভর্তিক লৈ সচিব-মন্ত্ৰীৰ বিপৰীত জাননী

পুনৰ শিক্ষা বিভাগত সমন্বয়ৰ অভাৱ

ranoj pegu

Free admission:

ৰাজ্যৰ শিক্ষা বিভাগৰ নেতৃত্ববাহীসকলৰ নিজৰ মাজতে নাই সমন্বয়। আমোলা-বিষয়াই যদি পূবৰ কথা কয়, মন্ত্রীয়ে কয় পশ্চিমৰ কথা। ছাত্ৰ-ছাত্ৰীক গিনিপিগ সজাই যেন সকলোৱে ৰং চাইছে !

ADVERTISEMENT

শেহতীয়াকৈ এনে আৰু এক নতুন ঘটনা সংঘটিত হৈছে বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত। মহাবিদ্যালয়ত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়ত যোৱা ১৩ মে’ত শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে জাৰি কৰা এক জাননীত উল্লেখ কৰে যে এইবাৰ প্ৰক্ৰিয়াটোত কিছু সংশোধনী আনি বিনামূলীয়া নামভৰ্তিৰ অৰ্হতা নিৰূপণৰ ক্ষেত্ৰত কেৱল ৰেছনকার্ডেই প্রযোজ্য হ’ব। যদি ছাত্র বা ছাত্ৰীগৰাকীৰ নিজৰ নামত ৰেছনকার্ড নাথাকে, তেন্তে তেওঁৰ অভিভাৱকৰ ৰেছনকার্ডো গ্রহণযোগ্য হ’ব।

অভিভাৱকৰ আয়ৰ প্ৰমাণপত্ৰ এই ক্ষেত্রত প্রযোজ্য নহ’ব। ইয়াৰ পাছতে আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে তেওঁৰ এক্স হেণ্ডেল তথা সামাজিক মাধ্যমত উল্লেখ কৰে যে চৰকাৰী আৰু প্ৰাদেশিকীকৃত শিক্ষানুষ্ঠান-মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত ৰেছনকাৰ্ডক আয়ৰ প্ৰমাণপত্ৰ হিচাপে গ্ৰহণ কৰা হ’ব ঠিকেই, ইয়াৰ বিকল্প হিচাপে নির্দিষ্ট কর্তৃপক্ষই দিয়া আয়ৰ প্ৰমাণপত্রও এই ক্ষেত্রত গ্রহণযোগ্য হ’ব।

Exit mobile version