Kerala: ছাত্ৰ-ছাত্ৰীসকল,১৯৩০ চনত ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ উপন্যাস ‘চাৰ আধ্যায়’ত লিখিছিল, ‘পঢ়িবলৈ হ’লে আগতে সমাজক জানিব লাগিব।’ কবিগুৰুৰ এই ধাৰণা এতিয়া বাস্তৱায়িত হ’বলৈ ওলাইছে দক্ষিণৰ এখন ৰাজ্যত ।
শেহতীয়াকৈ কেৰালা চৰকাৰে ঘোষণা কৰিছে যে ২০২৫-২০২৬ শিক্ষাবৰ্ষৰ আৰম্ভণিতে ছাত্ৰ-ছাত্ৰীয়ে কোনো কিতাপ পঢ়িব নালাগে। বৰঞ্চ এই ১৪ দিনৰ ভিতৰত তেওঁলোকে সমাজ সচেতনতাৰ বিষয়ে জানিব ।
দেশৰ ভিতৰত প্ৰথম এনে পদক্ষেপ গ্ৰহণ কৰিবলৈ ওলাইছে কেৰালা চৰকাৰে । যিয়ে ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ বিষয়ে জানিবলৈ সহায় কৰিব।
কেৰেলাৰ শিক্ষামন্ত্ৰী ভি শিৱকুট্টীয়ে জনাই,এই ১৪ দিনত ছাত্ৰ-ছাত্ৰীসকলে সামাজিক বিভিন্ন বিষয় যেনে, মাদক সেৱনৰ নেতিবাচক দিশ,চৰকাৰী সা-সম্পত্তিৰ ক্ষতিকে ধৰি বিভিন্ন বিষয়ৰ বিষয়ে জানিব পাৰিব।
মন্ত্ৰীগৰাকীয়ে কয়, “এই দুসপ্তাহৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণতকৈ অলপ বেলেগ ধৰণে অধ্যয়ন কৰিব। তেওঁলোকে কোনো কিতাপ পঢ়িব নালাগে। বৰঞ্চ সমাজৰ বিভিন্ন বিষয়ৰ ওপৰত জ্ঞান আহৰণ কৰিব।”
লগতে তেওঁ জনাই যে ,আৰক্ষী, আবকাৰী বিভাগ, শিশু সুৰক্ষা আয়োগ, শিশু আৰু মহিলা উন্নয়ন, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)কে ধৰি বিভিন্ন বিভাগৰ স’তে দুদিনীয়া আলোচনাৰ অন্তত এই সিদ্ধান্ত লোৱা হৈছে।
অহা দুই জুনত আৰম্ভ হ’বলগীয়া এই বিশেষ শিবিৰত প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব।আনহাতে ১৮ জুন তাৰিখৰ পৰা এসপ্তাহৰ বাবে হাইস্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলেও একেধৰণৰ শিবিৰত অংশগ্ৰহণ কৰিব।
