বিমানবন্দৰৰ চুক্তি বাতিল কৰিবলৈ আদালতত হাজিৰ তুৰ্কী কোম্পানী চেলেবি

images 20

Celebi:ভাৰত চৰকাৰে চুক্তি বাতিল কৰা পাছতে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে তুৰ্কীৰ বিমানবন্দৰ পৰিচালনা কোম্পানী চেলেবিয়ে।

ADVERTISEMENT

এই কোম্পানীটোৱে ভাৰতৰ গুৰুত্বপূৰ্ণ বিমানবন্দৰসমূহত গ্ৰাউণ্ড হেণ্ডলিঙৰ দায়িত্ব আছিল ।

ভাৰত-পাক যুদ্ধৰ সময়ত তুৰ্কী চৰকাৰে পাকিস্তানী সেনাক সহায় কৰাৰ অভিযোগ উত্থাপন হৈছে। ভাৰতৰ পৰা পোৱা সকলো সহায় পাহৰি যুদ্ধৰ মাজতে তুৰ্কী চৰকাৰে ড্ৰোনেৰে পাকিস্তানক সহায় কৰিছিল। পাকিস্তানলৈও সৈন্য প্ৰেৰণৰ অভিযোগ উত্থাপন হৈছে।

ইয়াৰ পাছতে ভাৰত চৰকাৰে তুৰ্কী কোম্পানী চেলেবিৰ স’তে হোৱা সকলো চুক্তি বাতিল কৰাৰ কথা ঘোষণা কৰে।

শুকুৰবাৰে চেলিবিৰ হৈ দিল্লী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হয়। তাত তেওঁলোকে দাবী কৰিছিল যে নতুন দিল্লীয়ে তেওঁলোকৰ স’তে হোৱা চুক্তি কোনো জাননী অবিহনে বাতিল কৰিছে।

লগতে তেওঁলোকে আৰু যুক্তি আগবঢ়ায় যে যদিহে এনেদৰে হঠাতে চুক্তি বন্ধ হয় তেন্তে ৩৭৯১ জন শ্ৰমিকে চাকৰি হেৰুৱাব। ইয়াৰ ফলত তেওঁলোকৰ কোম্পানীত বিনিয়োগকাৰীৰ মনোবলতো প্ৰভাৱ পৰিব।

আদালতত দাখিল কৰা গোচৰটোত চেলেবিয়ে এই প্ৰশ্ন উত্থাপন কৰিছিল যে চুক্তিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাত কেনে প্ৰভাৱ পেলাব পাৰে?তদুপৰি কোম্পানীটোৱে এইটোও দাবী কৰে যে কেৱল এই কাৰণতে চুক্তি বন্ধ কৰিব নোৱাৰি। এই বিষয়ত এতিয়ালৈকে ভাৰত চৰকাৰৰ কোনো বিবৃতি পোৱা নাই।

উল্লেখ্য যে,অহা সোমবাৰে আদালতে এই গোচৰৰ পৰৱৰ্তী শুনানি নিৰ্ধাৰণ কৰিছে ।

মন কৰিবলগীয়া যে, অনুজ্ঞাপত্ৰ বাতিলৰ কথা ঘোষণা কৰাৰ পাছত চেলেবিয়ে দাবী কৰিছিল যে সংস্থাটোৰ তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইপ এৰদোগানৰ স’তে কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই। আনকি তুৰস্কৰ মালিকানাধীনও নহয়।

চেলেবি এভিয়েশনেও কয় যে তেওঁলোকৰ কোনো ৰাজনৈতিক সংযোগ নাই। এতিয়া তেওঁলোকক আদালতত হাজিৰ কৰা হৈছে।

Exit mobile version