Nalbari: ইতিমধ্যে ব’হাগ গৈ জেঠ সোমাল। মাজত মাত্ৰ এটা মাহৰ পাছতে বাৰিষাৰ আৰম্ভণি। ইফালে, বাৰিষা আহিলেই বানৰ ভয়ত বুকু কঁপি উঠে পশ্চিম নলবাৰী অঞ্চলৰ ১৬ খনকৈ গাঁৱৰ বৃহৎ সংখ্যক ৰাইজৰ; কিয়নো কিছু বছৰৰ পৰা প্রায় প্রতিটো বাৰিষাত এই গাঁওসমূহৰ মাজেৰে বৈ যোৱা বুঢ়াদিয়া নদীৰ বানে ঘৰ, খেতিপথাৰ সকলো উটুৱাই নি তত্ত্বচ্ কৰি থৈ যায়।
তাৰ সমান্তৰালভাৱে বুঢ়াদিয়াৰ মথাউৰি নির্মাণ আৰু মেৰামতিৰ নামত চৰকাৰৰ সংশ্লিষ্ট বিভাগ আৰু ঠিকাদাৰে মিলি অঞ্চলটোৰ ৰাইজৰ জীৱন-সম্পত্তিক বিপন্ন কৰি সৰকাই নিয়ে কোটি কোটি টকা। ফলত মথাউৰি নিৰ্মাণ বা মেৰামতি হৈ উঠিছে ঠিকাদাৰ, বিভাগ আৰু মন্ত্ৰী-বিধায়কৰ খীৰতী গাইৰ দৰে।
স্থানীয় ৰাইজৰ অভিযোগ, নিয়ম-নীতি অনুসৰি মথাউৰি নিৰ্মাণ বা মেৰামতি কৰা নহয় আৰু কেনেদৰে কাম কৰা হৈছে, তাৰ পৰিদৰ্শন কৰিবলৈ বিভাগীয় বিষয়া বা স্থানীয় বিধায়ক তথা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়েও কোনো দিন ভৰি নিদিলে।
তাৰ পৰিৱৰ্তে বানপানীৰ সময়ত খবৰ ল’বলৈ আহি মথাউৰিটো এইবাৰ ভালকৈ নিৰ্মাণ কৰি দিয়াৰ প্রতিশ্রুতি দি গুচি যায়। ৰাইজৰ আন এক অভিযোগ, চামচাৰ অত্যাচাৰত তেওঁলোকে মন্ত্রী পাটোৱাৰীক প্রত্যক্ষভাৱে তেওঁলোকৰ সমস্যাৰ কথা কোৱাৰ সুযোগ নাপায়।
নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ কুলবিল শিৱালয় ঘাটৰ পৰা আৰম্ভ কৰি আমনি, লখোপুৰ, খেলোৱা, হেলচা, বাদেশিলা, শোলমাৰা, দাহুদি আদিকে ধৰি ১৬খনকৈ গাঁৱৰ ৰাইজক বুঢ়াদিয়াৰ বানে বহু বছৰ আগৰে পৰা জ্বলা-কলা খুৱাই আহিছে।
অঞ্চলটোৰ ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত মন্ত্রী ডাঃ ভূমিধৰ বৰ্মনে ১৯৮৪ত প্রথম মথাউৰি নিৰ্মাণৰ কাম হাতত লয়। ইয়াৰ ফলত কিছু বছৰৰ বাবে অঞ্চলটোৰ ৰাইজে কিছু সকাহ লাভ কৰে যদিও পাছলৈ বহু বছৰ ধৰি মেৰামতি বা পুনৰ নিৰ্মাণ নোহোৱাত মথাউৰি ছিঙি বানৰ কৱলত পৰিব লগা হয় এই বৃহৎ অঞ্চলটো।
ইপিনে, পৰৱৰ্তী সময়ত সুদীর্ঘ কালৰ বাবে এই অঞ্চল তথা ধৰ্মপুৰ আৰু বৰ্তমানৰ টিহু সমষ্টি মন্ত্ৰী পাটোৱাৰীৰ নেতৃত্বলৈ আহে। সেইমর্মে মন্ত্রী পাটোৱাৰীয়েও মথাউৰি মেৰামতি বা নিৰ্মাণৰ আঁচনি গ্রহণ কৰি আহিছে; কিন্তু লক্ষ্যণীয়ভাৱে মন্ত্রী পাটোৱাৰীৰ নেতৃত্বত মথাউৰি নিৰ্মাণ বা মেৰামতিয়ে অঞ্চলটোক সকাহ দিয়াৰ বিপৰীতে একাংশ ঠিকাদাৰ আৰু জলসম্পদ বিভাগৰ বাবে খীৰতী গাইৰ জন্ম দিয়া বুলিহে স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ তুলিছে।
ৰাইজৰ অভিযোগ অনুসৰি, মথাউৰি নিৰ্মাণ বা মেৰামতিৰ কালত মন্ত্রী পাটোৱাৰীয়ে কোনোদিন কামৰ মান পর্যবেক্ষণ কৰিবলৈ নাহে।
তেওঁ চামতা মটৰ ষ্টেণ্ডৰ ৰূপকোঁৱৰ কলা পৰিষদলৈ আহি সভা কৰি গুচি যায়। পুনৰ বানৰ সময়ত আহি এইবাৰ মথাউৰিটো ভালকৈ নিৰ্মাণ বা মেৰামতিৰ আশ্বাস দি থৈ যায়।
তেনেদৰে সংশ্লিষ্ট জলসম্পদ বিভাগৰো কোনো বিষয়াই নির্মাণ কালত পৰীক্ষা কৰিবলৈ নাহে। লক্ষ্যণীয় যে পালমৰা কাম সন্দর্ভত মন্ত্রীজনক অভিযোগ দিবলৈ আনকি ৰাইজ সন্ত্রস্ত পর্যন্ত হ’ব লগা বুলি অভিযোগ উঠিছে।
আনহাতে, কিছু মাহ পূর্বে জল সম্পদ মন্ত্রী পীযুষ হাজৰিকাই উক্ত মথাউৰিত (দক্ষিণ ফালৰ) উপস্থিত হৈছিল আৰু পৰিস্থিতি চাই আঠ কিলোমিটাৰৰ ব্যৱধানত মথাউৰিৰ নৱনিৰ্মাণৰ নামত আঠ কোটি টকা আৱণ্টন দি গাঁওবাসীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছিল; কিন্তু জলসম্পদ বিভাগ আৰু ঠিকাদাৰৰ হেমাহিত ব’হাগ শেষ হোৱাৰ পাছতো নির্মাণকার্য সম্পূর্ণ নহ’ল। ফলত পুনৰ জীৱন-সম্পত্তিৰ আশংকাত নিদ্ৰাহৰণ হৈছে বৃহত্তৰ নৈপৰীয়া গাঁওবাসীৰ।
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, কুলবিল শিৱালয় ঘাটৰ পৰা পুখুড়া-হাতিপুতা পর্যন্ত প্রাক্কলন মতে নির্মাণ কৰা হোৱা নাই। জিঅ’ বেগৰ ব্যৱহাৰ কৰা হোৱা নাই। বানপানীৰ লেভেল অনুসৰি ওখ কৰা নহ’ল। মথাউৰি সংলগ্ন পথসমূহত শ্লেপিং ৰখা নহ’ল।
ইপিনে, মথাউৰিটোত ব্লক দিবলৈ দাবী তুলিছে স্থানীয় ৰাইজে। লগতে চামচা অবিহনে মন্ত্রী পাটোৱাৰীক উক্ত মথাউৰি নিৰ্মাণৰ কাম পর্যবেক্ষণৰ আহ্বান জনাইছে নৈপৰীয়া গাঁওকেইখনৰ স্থানীয় ৰাইজে।






























