Cm vigilance Raid In Nagaon:
দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে চিএম ভিজিলেন্স ৷ শনিবাৰে চিএম ভিজিলেন্সৰ দলে নগাঁও,হোজাইত আৰু কামপুৰত ব্যাপক অভিযান চলাইছে।
ADVERTISEMENT
অভিযানৰ অংশ হিচাপে পুৱাৰে পৰা চিএম ভিজিলেন্সৰ এটা দলে নগাঁও বন সংমণ্ডলৰ অধীনস্থ এগৰাকী ৰেঞ্জাৰৰ বাসগৃহত চলায় তালাচী। ৰেঞ্জাৰ গৰাকীৰ নগাঁও চহৰৰ পাশ্বৰ্ৱতী মধুপুৰ নেমু বাগানস্থিত বাসগৃহত চিএম ভিজিলেন্সৰ অভিযান কাৰী দলে অব্যাহত ৰাখিছে অভিযান ৷
ৰেঞ্জাৰ গৰাকী কামপুৰ আঞ্চলিক বন বিষয়া ৰূপে কৰ্মৰত হৈ আছে ৷ তেওঁৰ নাম চামিম আখতাৰা ৷ আখতাৰা বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উদ্থাপিত হৈ আহিছিল ৷ যাৰবাবে চিমএম ভিজিলেঞ্চৰ ৰোষত পৰিবলগীয়া হয় ৰেঞ্জাৰ গৰাকী ৷






























