Noonmati Incident:আৰক্ষীয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে এগৰাকী মহিলাই

নিজেই কৰায়ত্ত কৰিলে স্কুটি চোৰক

theft 2

Noonmati Incident:

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই চোৰে ইটোৰ পাছত সিটোকৈ সংঘটিত কৰি গৈছে চুৰি কাৰ্য ৷ চোৰৰ উৎপাতত ত্ৰাহিমধুসূদন দেখুৱাইছে মহানগৰবাসীক ৷ আৰক্ষীৰ তথাকথিত তৎপৰতাৰ বিপৰীতে আৰক্ষীয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে এগৰাকী মহিলাই ৷ নিজৰ চুৰি হোৱা স্কুটি চোৰক ধৰিবলৈ অটোৰে খেদি খেদি কৰায়ত্ত কৰিলে স্কুটি চোৰক ৷ এই ঘটনা সংঘটিত হয় নুনমাটিত |

ADVERTISEMENT

উল্লেখ্য যে, গড়চুকৰ সাহসী মহিলা গৰাকীৰ ঘৰৰ পদূলিৰে পৰা চোৰে ১১ মে’ত চোৰ কৰি নিছিল তেওঁৰ জীয়ৰীৰ এএছ০১-বিঅ-৯৪৮৯ নম্বৰৰ বগা স্কুটী খন ৷ এই সন্দৰ্ভত মহিলা গৰাকীয়ে গড়চুক থানাত এজাহাৰ দিছিল যদিও কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম নহ’ল চোৰৰ ৷

অৱশেষত আজি মহিলা গৰাকীয়ে নিজ কৰ্মস্থলীলৈ অটোৰে গৈ থকা পথত চিনাকি যুৱক এজনে খবৰ দি কয় যে তেওঁলোকৰ চুৰি হোৱা স্কুটী খন ননুমাটি পেট্ৰল পাম্পৰ দিশে এজন যুৱকে থেলি থেলি নি থকা প্ৰত্যক্ষ কৰিছে ৷ লগে লগে মহিলা গৰাকীয়ে অটো খনেৰে নুনমাটি পেট্ৰল পাম্প পাওঁতেই দেখে যে স্কুটী খনত এজন ল’ৰাই তেল ভৰাই আছে ৷ মহিলা গৰাকীয়ে তৰিৎগতিৰে যুৱকজনক থাপ মাৰি ধৰোতেই পলায় যদিও পিছত স্থানীয় লোকৰ তৎপৰতাত নুনুমাটি আৰক্ষীয়ে আটক কৰে ৷

নিজৰ হেৰুৱা স্কুটী খন নিজৰ তৎপৰতাৰ উদ্ধাৰ কৰিবলৈ পায় অত্যন্ত সুখী বুলি উল্লেখ কৰে সাহসী মহিলা গৰাকীয়ে ৷

Exit mobile version