এইবাৰ লক্ষ্য হৈছে ভাৰতীয় প্ৰব্ৰজনকাৰী! ‘অবৈধভাবে থাকিলে…’,

কঠোৰ সতৰ্কবাণী আমেৰিকাৰ

IMG 20250518 140732

America: ভিছাৰ ম্যাদ উকলি যোৱাৰ পিছত আমেৰিকাত থকা ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ট্ৰাম্প প্ৰশাসনে।শনিবাৰে এই বিষয়ত বিজ্ঞতি জাৰি কৰিলে দিল্লীত থকা আমেৰিকাৰ দূতাবাসে ।

তাত জনোৱা হৈছে, যদি কোনোবাই ভিছাৰ নিয়ম উলংঘা কৰি নিৰ্ধাৰিত সময়ৰ বাহিৰত আমেৰিকাত থাকে তেন্তে কেৱল আইনী ব্যৱস্থা গ্ৰহণ কৰাই নহয়, তেওঁলোকৰ বাবে আমেৰিকাৰ দুৱাৰ আজীৱনৰ বাবে বন্ধ হ’ব।

এই গাইডলাইনসমূহ সকলো ভাৰতীয়ৰ বাবে প্ৰযোজ্য হ’ব। পৰ্যটনে হওক বা শিক্ষাৰ্থীৰ ভিছা হওক।

উল্লেখ্য যে, ভিছা লৈ আমেৰিকাত থকাৰ এটা নিৰ্দিষ্ট সময়সীমা আছে। আমেৰিকালৈ যাওঁতে আই-৯৪ ফৰ্মত এই সীমা উল্লেখ কৰা হয়।

সেই সময়সীমাৰ পাছত যদি কোনোবাই এদিনতকৈ অধিক সময় থাকে তেন্তে বিভিন্ন আইনী সমস্যাৰ সন্মুখীন হ’ব লাগিব।

সেই ক্ষেত্ৰত কোনোবাই যদি ভিছা বৃদ্ধি কৰিব বিচাৰে তেন্তে ইউএছচিআইএছ (আমেৰিকাৰ নাগৰিকত্ব আৰু প্ৰব্ৰজন সেৱা)ৰ স’তে যোগাযোগ কৰি ভিছা বৃদ্ধিৰ বাবে পৰ্যাপ্ত কাৰণ দিব লাগে।

অৱশ্যে সেই নিয়ম উলংঘা কৰাটো এতিয়াতে পৰা আমেৰিকা চৰকাৰে এক জঘন্য অপৰাধ হিচাপে ল’ব।

উল্লেখ্য যে, হোয়াইট হাউছত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইমিগ্ৰেচন আৰু ভিছাৰ নিয়ম কটকটীয়া কৰি তুলিছে।

দেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাৰ উপৰিও আমেৰিকাত বিপুল ধনৰ বিনিময়ত নাগৰিকত্ব বিক্ৰী কৰা হৈছে। আমেৰিকা প্ৰশাসনেও আমেৰিকাৰ গ্ৰীণ কাৰ্ডধাৰীক কৰ্তন কৰাত তৎপৰ হৈছে। এই পৰিস্থিতিতেই পুনৰ আমেৰিকাই ভাৰতীয়ৰ বাবে কঠোৰ নিয়ম আৰোপ কৰিছে।

Exit mobile version