তিৰুপতি মন্দিৰত পৰিয়ালৰ সতে গোৱেংকা, উচৰ্গা কৰিলে কেবা কোটি টকাৰ গহনা

IMG 20250518 170356

Sanjiv Goenka: আই পি এলত লক্ষ্ণৌ খেলৰ পূৰ্বে সপৰিয়ালৰ স’তে তিৰুপতি তিৰুমালা মন্দিৰত সঞ্জীৱ গোৱেংকা।এতিয়াও প্লে অফৰ দৌৰত আছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছ । তাৰ আগতে ঈশ্বৰৰ দৰ্শন গোৱেংকাৰ।

তথ্য অনুসৰি, অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি মন্দিৰলৈ কেবা কোটি টকাৰ সোণৰ গহনা দান কৰিছে।

বিষ্ণুৰ অৱতাৰ ৰূপে পূজিত ভেংকটেশ্বৰ মন্দিৰ অতি জাগ্ৰত বুলি পৰিচিত। এই মন্দিৰত সদায় ভক্তৰ বৃহৎ ভিৰ দেখিবলৈ পোৱা যায় । ।

সম্প্ৰতি পৰিয়ালৰ স’তে মন্দিৰলৈ যায় সঞ্জীৱ গোৱেংকা। মন্দিৰৰ পূজাৰীৰ হাতত তেওঁ সোণৰ গহনা তুলি দিয়ে। তথ্য অনুসৰি, তেওঁ দান কৰা গহনাসমূহৰ বজাৰ মূল্য পাঁচ কোটি টকাৰ ওচৰ চাপিছে।

গোৱেংকাৰ ভগৱানৰ প্ৰতি থকা ভক্তি সকলোৰে পৰিচিত। লক্ষ্ণৌৰ খেলৰ বাবেই হওক বা মোহন বাগানৰ খেলৰ বাবেই হওক তেওঁ ষ্টেডিয়ামত নিয়মীয়া খেলুৱৈ।

Exit mobile version