বকোৰ গাধপোতাত নিশা চাৰিটা বন্যহস্তীৰ উপদ্ৰৱ

কথমপি প্ৰাণ ৰক্ষা চাৰিটা পৰিয়ালৰ

IMG 20250518 141002

Boko:দবাপিতা বৰষুণৰ মাজতে চাৰিটা বন্যহস্তীৰ আক্ৰমণ চাৰিটা পৰিয়ালত। শোৱাপাটীত থকা পৰিয়ালৰ সদস্য/সদস্যা সকলে বন্যহস্তীৰ আক্ৰমণ সন্দৰ্ভত জ্ঞাত নাছিল।

ADVERTISEMENT

জ্ঞাত হোৱাৰ পাছতো বিজুলী বাতি নথকাত বাসগৃহত আন্ধাৰৰ মাজত আৱদ্ধ আছিল পৰিয়ালৰ লোকসকল। বাসগৃহ উপদ্ৰৱ কৰা অৱস্থাত পৰিয়ালৰ লোকসকল বাহিৰলৈ ওলাই যোৱাৰ পথত আছিল বন্যহস্তীৰ জাকটো।

বন্যহস্তীৰ আক্ৰমণৰ সময়ত পৰিয়াল কেইটাৰ তিনি গৰাকী আশী উৰ্ধৰ ককা আইতা ভূৱনেশ্বৰ ৰাভা(৯০)সহ পত্নী সাজো ৰাভা(৮৫)আৰু বিদেশী বড়ো(৮৪) নামৰ আন এগৰাকীক আইতা বাসগৃহৰ ভিতৰত আৱদ্ধ আছিল।

বন্যহস্তীৰ আক্ৰমণত ককা আইতা আৱদ্ধ হৈ থকা বাসগৃহ কেইটাও অনিষ্ট সাধন হয়। বন্যহস্তী জাকৰ আক্ৰমণত চাৰিওটা পৰিয়ালৰ বাসগৃহ,আচবাব,ভঁৰাল,পাকঘৰ ভাঙি চুৰমাৰ কৰে ।

একেদৰে ধান,চাউল খাই তহিলং কৰে জাকটোৱে। আজি ঘটনাস্থলীত উপস্থিত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ জাৰিহাট সমষ্টিত নিৰ্বাচিত সদস্য অশোক কুমাৰ ৰাভাই পৰিদৰ্শন কৰে।

Exit mobile version