বৰ্তমানৰ বাবে পাকিস্তানৰ স’তে কোনো আলোচনা নহয়,অব্যাহত থাকিব যুদ্ধবিৰতি , জনালে সেনাই

IMG 20250518 133401

indian army: অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজত আৰম্ভ হোৱা যুদ্ধবিৰতি আপাততঃ অব্যাহত থাকিব। নতুনকৈ পাকিস্তানৰ ডিজিএমঅ’ৰ স’তে কোনোধৰণৰ আলোচনা বা বৈঠক নকৰে ভাৰতৰ ডিজিএমঅ’ই। সেনা তৰফৰ পৰা জনোৱা হ’ল ।

ভাৰতৰ ডিজিএমঅ’ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাইয়ে শেষবাৰৰ বাবে ১২ মে’ত পাকিস্তানৰ ডিজিএমঅ’ৰ স’তে কথা পাতিছিল।সেইদিনা দুয়োপক্ষৰ মাজত হোৱা আলোচনাৰ সময়ত যুদ্ধবিৰতি বৃদ্ধি কৰা হৈছিল। দেওবাৰে দুয়োপক্ষৰ মাজত আলোচনা পুনৰ আৰম্ভ হ’ব পাৰে বুলি অনুমান কৰা হ’ব ।

অৱশ্যে ভাৰতীয় সেনাই দেওবাৰে নতুন আলোচনাৰ প্রয়োজন নাই বুলি জনাই৷ এতিয়াৰ বাবে যুদ্ধবিৰতি অব্যাহত থাকিব। ১২ মে’ৰ আলোচনাৰ সময়ত এই যুদ্ধবিৰতিৰ কোনো নিৰ্দিষ্ট সময়সীমা নাথাকিব বুলি সহমতত উপনীত হৈছিল। বৰ্তমান দুয়ো পক্ষই এই চুক্তি উলংঘা নকৰে।

প্ৰসংগক্ৰমে বিগত ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত পাকিস্তানৰ পৃষ্ঠপোষকতাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হৈছিল।

এনে পৰিস্থিতিত ভাৰতে পাকিস্তানৰ মাটিত সন্ত্ৰাসবাদৰ কেন্দ্ৰবিন্দুত আক্ৰমণ চলাইছিল। পাক অধিকৃত কাশ্মীৰ আৰু পাকিস্তানৰ ন স্থানত সন্ত্ৰাসবাদীৰ মুখ্য কাৰ্যালয় ধ্বংস কৰা হয়।

সেই ঘটনাৰ পাছতে বৰ্তমান পাকিস্তানৰ আক্ৰমণ আৰু প্ৰত্যুত্তৰ আক্ৰমণৰ পাছত দুয়োখন দেশৰ মাজত যুদ্ধবিৰতি আছে।

Exit mobile version