হায়দৰাবাদৰ চাৰ্মিনাৰৰ সমীপত বহুমহলীয়া অট্টালিকাত অগ্নিকাণ্ড !

কমেও ১৭ জন লোকৰ মৃত্যু, অব্যাহত আছে উদ্ধাৰ অভিযান

1747551469 fire

Fire Incident: হায়দৰাবাদৰ চাৰ্মিনাৰৰ সমীপত বহুমহলীয়া ভৱনত অগ্নিকাণ্ড। সংবাদ সংস্থাৰ তথ্য অনুসৰি এই অগ্নিকাণ্ডত দুটা শিশুসহ কমেও ১৭ জন লোকৰ মৃত্যু হয়।অৱশ্যে হতাহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। অব্যাহত আছে উদ্ধাৰৰ অভিযান। আহত সকল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ADVERTISEMENT

দেওবাৰে পুৱা প্ৰায় ছয় বজাত পুৰণি হায়দৰাবাদ চহৰৰ চাৰ্মিনাৰৰ সমীপত ‘গুলজাৰ হাউচ’ নামৰ বহুমহলীয়া অট্টালিকাত অগ্নিকাণ্ড সংঘটিত হয়। খবৰ দিয়া হয় অগ্নিনিৰ্বাপক বাহিনীক।

ইয়াৰ পাছতে এঘাৰখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে অগ্নি নিয়ন্ত্ৰণলৈ আনে। যদিও কেবাজনো লোকক নিৰাপদে ঘৰৰ পৰা উলিয়াই অনা হয়, তথাপিও কেবাজনো লোক এতিয়াও ভিতৰত আবদ্ধ হৈ আছে।

আংশিকভাৱে অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰাৰ পাছত উদ্ধাৰ অভিযান আৰম্ভ হয়। সেই স্থানত উপস্থিত হৈছে উদ্ধাৰকাৰী দল। স্থানীয় বিধায়কগৰাকীয়ে উদ্ধাৰ অভিযানৰ তদাৰক কৰিছে।

এই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। প্ৰথম অৱস্থাত জনবহুল স্থানত বৈদ্যুতিক লাইনত শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে।

এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ মৃতকৰ পৰিয়ালৰ বাবে দুই লাখ টকা আৰু আহতসকলৰ পৰিয়ালৰ বাবে ৫০ হেজাৰ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে।

Exit mobile version