অৰুণাচলত পনবন্দী কৰি ৰখা অসমৰ ২৪ জন লোকক উদ্ধাৰ যোৰহাট আৰক্ষীৰ

IMG 20250519 195449

Jorhat :অৰুণাচল প্ৰদেশৰ চিলিপাম ৰূপাত পাচলি বাগানত কাম কৰিবলৈ বুলি অসমৰ মৰিয়নিৰ দিহিঙীয়া পাৰ চাহ বাগিচাৰ ২৪ জন শ্ৰমিকক কৌশলেৰে অৰুণাচললৈ নিছিল মাঞ্জি নামৰ এজন লোকে।

অভিযোগ অনুসৰি,তাত শ্ৰমিক সকলক পুৱাৰে পৰা ৰাতিলৈ কামত লগোৱাৰ উপৰি শাৰীৰিক নিৰ্যাতন চলাই আহিছিল।

ইয়াৰ উপৰিও তেওঁলোকৰ ম’বাইল কাঢ়ি লৈ পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈও দিয়া নাছিল শ্ৰমিকসকলক।

ইয়াৰে আঠ জন শ্ৰমিক পলাই আহি আৰক্ষীক অৱগত কৰে আৰু দেৱেৰা পাৰা আৰক্ষীৰ দলে লোক কেইজনক উদ্ধাৰ কৰে।

শ্ৰমিক সকলক কৌশলেৰে নিয়া পিটিকা মাঞ্জি নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষী য়ে।

Exit mobile version