Charaideo Dist Court Judgement:চৰাইদেউৰ ন্যায়িক আদালতৰ ঐতিহাসিক ৰায়দান

একেলগে ২৩জন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড

charaideu

Charaideo Dist Court Judgement:

তেৰবছৰ হোৱা পূৰ্বে ২০১২ৰ ৯ ফেব্ৰুৱাৰীত চৰাইদেউৰ জলহা গাঁৱত ডাইনী সন্দেহত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ড ৷ অৱশেষত সুদীৰ্ঘদিনৰ অন্তত সোমবাৰে চৰাইদেউ জিলা ন্যায়িক আদালতে লোমহৰ্ষক হত্যাকাণ্ডৰ সন্দৰ্ভত প্ৰদান কৰে এক ঐতিহাসিক ৰায়দান । এই ঘটনাৰ স’তে জড়িত থকা ২৩জন অভিযুক্তক একেলগে যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে প্ৰতিজনক ৫ হাজাৰ টকাকৈ জৰিমনাও বিহে আদালতে | আনহাতে আদালতে ভুক্তভোগী পৰিয়ালক ৮ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰো নিৰ্দেশ দিয়ে  ৷

ADVERTISEMENT

উল্লেখ্য যে,তেৰবছৰ পূৰ্বে ডাইনীৰ সন্দেহত ফুলেশ্বৰী হালোৱা নামৰ মহিলা গৰাকীক অতি নৃশংসভাৱে কৰিছিল হত্যা গাঁৱৰ একাংশ লোকে । পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত ৩৫ গৰাকী লোকক আটক কৰিছিল আৰক্ষীয়ে ৷ অৱশেষত তেৰ বছৰৰ অন্তত ভুক্তভোগীৰ পৰিয়ালে পালে ন্যায় ৷

Exit mobile version