Cotton University:
কটন বিশ্ববিদ্যালয়ত সোমবাৰে শিক্ষাৰ্থীয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আনকি শ্ৰেণী বৰ্জন কৰি প্ৰতিবাদত বহিল প্ৰায় শতাধিক কটনিয়ানে ।
ADVERTISEMENT
উল্লেখ্য যে কটন বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰকৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ উপৰিও আন বহুকেইটা দাবীৰে ছাত্ৰ- ছাত্ৰীসকলে এইদৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদৰ পূৰ্বে ক্ষুব্ধ শিক্ষাৰ্থী সকলে পৰীক্ষা নিয়ন্ত্ৰকৰ কাৰ্যালয়ত তলা লগা দিয়ে ৷ এইদৰেও সোমবাৰে উত্তাল হৈ থাকিল কটনৰ চৌহদ ৷