PM Modi: অহা ২৯ মে’ত ছিকিম ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে! তথ্য অনুসৰি, ছিকিম ৰাজ্যৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিব।
শেহতীয়াকৈ অপাৰেচন সিন্দূৰ আৰু ভাৰতৰ বিৰুদ্ধে যুদ্ধত পাকিস্তানক চীনে দিয়া সমৰ্থনৰ পৰিপ্ৰেক্ষিতত চীনৰ সীমান্তৱৰ্তী ছিকিমলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ যথেষ্ট উল্লেখযোগ্য হ’ব বুলি আশা কৰিছে বহুতে।
যদিও এই ভ্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ কোনো আনুষ্ঠানিক বক্তব্য দিয়া হোৱা নাই, তথাপিও এই ভ্ৰমণ সন্দৰ্ভত তথ্য ৰাজহুৱা কৰিছে ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে।
ইতিমধ্যে প্ৰধানমন্ত্ৰীক আদৰণি জনোৱাৰ প্ৰস্তুতি কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। সেইদিনা পালজোৰ ষ্টেডিয়ামত তেওঁক আদৰিবলৈ কমেও এক লাখ লোক উপস্থিত থাকিব।
ৰাজ্যবাসীক অভিনন্দন জনোৱাৰ উদ্দেশ্যে এই ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ।এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ কেবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে নিৰাপত্তা সম্পৰ্কীয় বিষয়সমূহ পৰ্যালোচনা কৰিব।
অৱশ্যে ৰাজ্য প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰাৰ উপৰিও এই ভ্ৰমণৰ আন এক গুৰুত্বপূৰ্ণ দিশ আছে।