বিশ্বৰ কাৰাগাৰত বন্দী হৈ আছে ২৩ হেজাৰ পাকিস্তানী , সৰহ সংখ্যাকে ধৰ্ষণ- হত্যা -ড্ৰাগছৰ গোচৰত অভিযুক্ত 

images 29 1

Pakistan: সাম্প্রতিক বিশ্বৰ বিভিন্ন দেশৰ পাকিস্তানৰ ২৩ হেজাৰৰ অধিক নাগৰিক কাৰাবন্দী হৈ আছে। পাকিস্তানৰ আগশাৰীৰ সংবাদপত্র ‘ড’ন’ৰ বাতৰিত বৈদেশিক মন্ত্রণালয়ৰ উদ্ধৃতিৰে এই তথ্য প্রকাশ পালে।

ADVERTISEMENT

বৈদেশিক মন্ত্রণালয়ে সংসদত দাখিল কৰা তথ্য অনুসৰি পাকিস্তানৰ মুঠ ২৩,৪৫৬ জন নাগৰিক বিশ্বৰ বিভিন্ন দেশৰ কাৰাগাৰত আছে।

ইয়াৰে সৰ্বাধিক ১২,১৫৬ জন পাকিস্তানী নাগৰিক ছৌডি আৰবৰ কাৰাগাৰত আছে। আনহাতে, সংযুক্ত আৰব আমিৰাতত আছে পাকিস্তানৰ ৫,২৯২ জন নাগৰিক। চীনৰ কাৰাগাৰত আছে ৪০০ পাকিস্তানী।

একেদৰে বাহৰেইনত ৪৫০, আফগানিস্তানত ৮৮, কাটাৰত ৩৩৮, আমানত ৩০৯ মালয়েছিয়াত ২৫৫, ফ্রান্সত ১৬৮ আৰু জার্মানীত ৯৪ জন পাকিস্তানী কাৰাবন্দী হৈ আছে।

অস্ট্রিয়া কাৰাগাৰতো পাকিস্তানী কাৰাবন্দী আছে। নৰৱেত তিনি, ফিনলেণ্ডত দুই, কানাডাত ন, ডেনমার্কত ২৭পাকিস্তানী কাৰাগাৰত আছে।

তথ্য অনুসৰি বিদেশত কাৰাবন্দী হৈ থকা পাকিস্তানীসকলৰ সৰহ সংখ্যকৰ বিৰুদ্ধে ধর্ষণ, হত্যা, ড্রাগছ সৰবৰাহ, অনুপ্ৰৱেশ, মানৱ সৰবৰাহ আৰু অন্যান্য যৌন অপৰাধৰ অভিযোগ আছে।

Exit mobile version