জলমগ্ন ৰাস্তা ! মুম্বাইত জাৰি কৰা সতৰ্কবাণী

1747801032 rain

Rain: মঙলবাৰৰ পৰা মুম্বাই, পুনেকে ধৰি মহাৰাষ্ট্ৰৰ কেবাটাও ঠাইত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ আৰম্ভ হৈছে। গ্ৰীষ্মৰ প্ৰচণ্ড গৰমৰ পৰা সাময়িকভাৱে সকাহ পোৱা গৈছে যদিও চাৰিওফালে জলমগ্ন হৈ হৈছে ৰাস্তা। সৃষ্টি হৈছে যানযটৰ সমস্যা ।

ADVERTISEMENT

বুধবাৰৰ পৰা অহা চাৰিদিনলৈ ৰাজ্যৰ একাংশ অঞ্চলত একেধৰণৰ বতৰৰ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। হালধীয়া আৰু কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

মঙলবাৰে সন্ধিয়াৰ পৰা হোৱা প্ৰবল বৰষুণৰ ফলত মুম্বাইৰ পোৱাইৰ দৰে জনবসতিপূৰ্ণ অঞ্চলত যাতায়ত প্ৰায় স্তব্ধ হৈ পৰিছে।

ধুমুহাই জলবায়ু কমপ্লেক্সৰ সমীপৰ গছ উভালি পেলোৱাৰ ফলত যাতায়ত ব্যাহত হয়। ধাৰাসাৰ বৰষুণৰ ফলত ডুব গ’ল আন্ধেৰী ছাবমেট্ৰ’।

অৱশেষত বৃহনমুম্বাই পৌৰসভাৰ এটা দলে ড্ৰেনেজ মেচিন ব্যৱহাৰ কৰি পানী নিষ্কাশন কৰিবলৈ সেই স্থানত উপস্থিত হয়। পুনেতো একেধৰণৰ দৃশ্য দেখা গ’ল।

বিমানবন্দৰতো পানী জমা হৈছে। স্থানীয় ৰাইজৰ দাবী, অপৰিষ্কাৰ নলাৰ পৰা পানী ওফন্দি পথটো উটুৱাই লৈ যায়। থানে জিলাৰ মীৰা-ভয়ান্দৰ আৰু ৰত্নাগিৰি জিলাৰ ভেৰৱালি আৰু ভিলাভাৰে ষ্টেচনৰ মাজত প্ৰচণ্ড বজ্ৰপাত আৰু ভূমিস্খলনৰ হৈছে ।যাৰ বাবে সন্ধিয়া কেবাটাও পথত ৰেল সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছিল।

উল্লেখ্য যে,মুম্বাই আঞ্চলিক বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, কৰ্ণাটক উপকূলৰ পূব-মধ্য আৰব সাগৰত ঘূৰ্ণীবতাহৰ সৃষ্টি হৈছে। যাৰ বাবে বুধবাৰৰ পৰা শনিবাৰলৈ মহাৰাষ্ট্ৰৰ বৃহৎ অঞ্চলত বজ্ৰপাত আৰু বৰষুণ অব্যাহত থাকিব। অধিকাংশ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা।

কিছু ঠাইত বৰষুণৰ লগে লগে ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগেৰে বতাহ বলিব। বুধবাৰে পুনে, ৰত্নাগিৰি, সিন্ধুদুৰ্গ, অহিল্য নগৰ, কলহাপুৰ, বীদ, সোলাপুৰ, ধৰ্মশিৱ আৰু ছাত্ৰপতি সম্ভাজী নগৰৰ বাবে অতি প্ৰবল বৰষুণৰ বাবে কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

মুম্বাই, পালঘৰ, থানে, ৰায়গড়, ধূলে, নন্দুৰবাৰ, জলগাঁও, নাশিক, সতৰা, সাংগলী, জালনা, অমৰাৱতী আৰু ভাণ্ডাৰাত হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে।

Exit mobile version