Apsc :
অসম লোকসেৱা আয়োগ (এপিএছচি)ত সংঘটিত কেলেংকাৰিৰ বিচাৰ চলি থকাৰ মাজতে এইবাৰ ৰাকেশ পালৰ নিযুক্তিক লৈ আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি)-এ পৰা নিজাববীয়াকৈ গোচৰ ৰুজু কৰিলে।
অৱশ্যে এপিএছচিক কলংকিত কৰা অধ্যক্ষজনৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হোৱা নাই। পালৰ নিযুক্তিত বিশেষভাৱে তৎপৰ হোৱা বুলি অভিযোগ উত্থাপিত তদানীন্তন অসম চৰকাৰৰ আইন বিভাগৰ উপ-সচিব এম বৰভূঞাৰ বিৰুদ্ধেহে এই গোচৰটো ৰুজু কৰা হৈছে। ২৯/২০২৫ নম্বৰত ৰুজু কৰা গোচৰটোত বৰভূঞাৰ গ্ৰেপ্তাৰো নিশ্চিত বুলি সূত্রই সদৰী কৰে।
উল্লেখ্য যে বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্রতিবেদনত ৰাকেশ পালৰ নিযুক্তি অনিয়মৰে সম্পন্ন হৈছিল বুলি উল্লেখ আছে। অধ্যক্ষৰ পদত বহিবলৈ পালৰ অৰ্হতাই নাছিল; অথচ তেওঁক স্থায়ী অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছিল। এপিএছচিৰ অধ্যক্ষ নিযুক্তিত কর্তৃত্ব আছিল মুখ্যমন্ত্ৰীৰ। অভিযোগ অনুসৰি, তদানীন্তন উপ-সচিবজনে পালক কিদৰে অধ্যক্ষৰ আসনত বহুৱাব পাৰি, তাৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিছিল। পালৰ নিযুক্তি প্রক্রিয়াটো সম্পূর্ণ হ’ব লাগিছিল চৰকাৰী কাৰ্যালয়ত।
তাৰ পৰিৱৰ্তে গুৱাহাটীৰ এখন হোটেলত বহিয়ে স্থায়ী অধ্যক্ষৰ প্ৰক্ৰিয়াটো সম্পন্ন কৰা হৈছিল। এই সকলোতে বৰভূঞাই বিশেষ সক্রিয়তা প্ৰদৰ্শনৰ অভিযোগ আছে। সেয়েহে বৰভূঞাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। তদুপৰি ৰাকেশ পালৰ পলাতক ভ্রাতৃ ৰাজেশ পালৰ নামো এই অনিয়মত সাঙোৰ খাই আছে। চিআইডিৰ সূত্রই সদৰী কৰা অনুসৰি, শীঘ্ৰে অভিযুক্তক তলব কৰি সোধপোছ কৰা হ’ব।