Horrific murder:
এক লোমহৰ্ষক হত্যাকাণ্ড ৷ পৰকীয়া প্ৰেমৰ বাবেই নিজ পত্নী আৰু প্ৰেমিকক হত্যা কৰি স্বামীয়ে আত্মসমৰ্পণ কৰিলে থানাত ৷ এই ঘটনা সংঘটিত হয় মঙলবাৰে নিশা নগাঁও জিলাৰ কামপুৰৰ পাচনিঝাৰত ৷
পৰকীয়া প্ৰেমৰ সন্দেহত জয়কান্ত দাস নামৰ লোকজনে তেওঁৰ পত্নী গীতাৰাণী দাস আৰু প্ৰেমিক ভাস্কৰ নাথক নিজ ভাড়া গৃহত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰে ৷ ঘটনা সংঘটিত কৰিয়ে জয়কান্তই কামপুৰ থানাত কৰে আত্মসমৰ্পণ ৷ নিশাই ঘটনাস্থলীত জিলা আৰক্ষী অতিৰিক্ত আৰক্ষী অধীক্ষক সহ কামপুৰ আৰক্ষী দল উপস্থিত হৈ পৰিবেশ পৰ্যবেক্ষণ কৰাৰ লগতে মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত।
ভাস্কৰৰ নিয়মীয়া আহযাহ পৰৱৰ্তী সময়ত জয়কান্ত দাসৰ পত্নীৰে এক প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে ৷ইয়াকে লৈ মাজেসময়ে পত্নী গীতাৰাণীৰে বাকবিতণ্ডা হয় জয়কান্ত দাসৰ ৷ ঘটনাৰ সংঘটিত হোৱাৰ দিনা জয়কান্তৰ বাসগৃহত তেওঁৰ অনুপস্থিতিত ভাস্কৰৰ উপস্থিতি দেখি খঙত অগ্নিশৰ্মা হৈ হাতত চোকা অস্ত্ৰ লৈ পত্নী আৰু প্ৰেমিকক আক্ৰমণ কৰি হত্যা কৰে ৷ নৃশংস কাণ্ড সংঘটিত কৰি কামপুৰ থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে জয়কান্ত দাসে ৷