NDFB Leader:
একালৰ দুর্ধর্ষ নেতা এম বাথাসহ কাৰাবন্দী ৩৫ জন এনডিএফবিৰ সদস্যৰ মুকলি আকাশৰ তললৈ অহাৰ পথ প্রশস্ত হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আৰু বিটিচি মুৰব্বী প্রমোদ বড়োৰ উদ্যোগত এই এনডিএফবি সদস্যসকলৰ বিৰুদ্ধে এনআইএৰ আদালতত ৰুজু হৈ থকা গোচৰ ৰাজ্য চৰকাৰলৈ হস্তান্তৰ হৈছে।
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা এই ৩৫ এনডিএফবিক কটকটীয়া নিৰাপত্তাৰ মাজেৰে কোকৰাঝাৰলৈ আনি ইয়াৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁলোকক কোকৰাঝাৰ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰে। এই সম্পৰ্কত চৰকাৰী অধিবক্তা কংকণ কলিতাই জানিবলৈ দিয়া মতে, এই এনডিএফবি সদস্যসকলৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰসমূহ এনআইএ আদালতৰ পৰা ৰাজ্য চৰকাৰলৈ হস্তান্তৰ হৈছে।
সেই মর্মে এই এনডিএফবি সদস্যসকলৰ বিৰুদ্ধে য’ত গোচৰ হৈ আছে সেই স্থানলৈ তেওঁলোকক পঠিওৱা হৈছে। কোকৰাঝাৰত ৰুজু হৈ থকা চাৰিটা গোচৰৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক কোকৰাঝাৰলৈ অনা হয়। এই গোচৰকেইটাৰ বিচাৰ আজিৰ পৰা কোকৰাঝাৰ জিলা সত্ৰ ন্যায়াধাশীৰ আদালতত চলিব বুলি অধিবক্তাজনে জনায়।
উল্লেখ্য যে বিটিআৰ চুক্তি অনুসৰি এনডিএফবি নেতা-সদস্যৰ বিৰুদ্ধে ৰুজু হৈ থকা বহুসংখ্যক গোচৰ নিষ্পত্তি হৈছে। অৱশ্যে এনআইএ আদালতত বিচাৰাধীন হৈ থকা গোচৰসমূহ নিষ্পত্তি নোহোৱাত কাৰাবন্দী এনডিএফবি নেতাসকল মুকলি আকাশৰ তললৈ আহিব পৰা নাছিল। সম্প্রতি ৩৫ এনডিএফবিৰ গোচৰ ৰাজ্য চৰকাৰলৈ হস্তান্তৰ হোৱাত তেওঁলোকৰ মুকলি আকাশৰ তললৈ অহাৰ পথ মুকলি হোৱা বুলি চর্চিত হৈছে। ইয়ে তেওঁলোকৰ পৰিয়ালসমূহৰ মুখত হাঁহি বিৰিঙাইছে।