Public protest against Titabar Municipality :
উন্নয়নৰ নামত কেৱল প্ৰতাৰণা আৰু বণিক গোষ্ঠীৰ ৰঙা চকুলৈ ভয় কৰা তিতাবৰ পৌৰসভা আৰু তিতাবৰৰ সমজিলা প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ উজাৰি ৰাজপথলৈ ওলাই আহিল তিতাবৰৰ সাধাৰণ নাগৰিক। তিতাবৰ পৌৰসভাৰ ৭ নং ৱাৰ্ডৰ শান্তিপুৰ গাঁওৰ বাসিন্দা আৰু বোকাহোলা বাগান কৰ্তৃপক্ষৰ শীতল যুদ্ধই চূড়ান্তৰূপ ধাৰণ কৰিছে।
পৌৰসভাখনৰ ৭ নং ৱাৰ্ডৰ শান্তিপুৰ গাঁওৰ কাষতে লাগি থকা বোকাহোলা বাগান কৰ্তৃপক্ষই নিৰ্মাণ কৰা এটা নলাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে বাসিন্দা সকল । অভিযোগ অনুসৰি শান্তিপুৰ গাঁওৰ কাষেৰে যোৱা পথছোৱাতে বোকাহোলা বাগানে অবিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা এটা বৃহৎ নলাই শান্তিপুৰ গাঁওলৈ ব্যাপক ভাবুকি কঢ়িয়াই আনিছে। বাগানৰ সীমা নিৰ্দ্ধাৰণৰ নামত খন্দা বৃহৎ নলাটোৱে শান্তিপুৰ গাঁওৰ জনসাধাৰণে অহাযোৱা কৰা একমাত্ৰ পথটো এফালৰ পৰা খহাই নিয়াৰ ফলত সমগ্ৰ পথছোৱায়েদি অহাযোৱা কৰাত ভীষণ সমস্যাৰ সৃষ্টি হৈছে।
সামান্য এজাক বৰষুণ পৰিলেই নদীৰ গৰা খহাদি পথছোৱাৰ মাটি খহাই জনজীৱনৰ প্ৰতি ব্যাপক ভাবুকি কঢ়িয়াই আনিছে। খহনীয়াৰ ফলত বিদ্যুতৰ খুটাঁ সমূহো এটা এটাকৈ অতি ভয়ংকৰৰূপত হাউলিবলৈ আৰম্ভ কৰিছে। আনকি ভয়-শংকাত ভূগি থকা অভিভাৱকে সন্তানক স্কুললৈ পঠিয়াব পৰা নাই। যিকোনো মূৰ্হুত্ততে বিদ্যুতৰ খুটাঁ বাগৰি যিকোনো ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনাত ক্ষোভিত হৈ পৰিছে বাসিন্দা সকল।
বাগান কৰ্তৃপক্ষৰ চূড়ান্ত মইমতালিৰ বিৰুদ্ধে ৭ নং ৱাৰ্ডৰ শান্তিপুৰ গাঁওৰ বাসিন্দা সকলে তিতাবৰৰ পৌৰপতিৰ পৰা আৰম্ভ কৰি ৰাজহ চক্ৰ বিষয়া আৰু সমজিলা আয়ুক্তকো লিখিত অভিযোগ দাখিল কৰিলে। কিন্তু বৃহৎ পুঁজিপতি গোষ্ঠীটোৰ কাণ্ডজ্ঞানহীন কাৰ্যক এটা বিভাগেও নাকী লগাবলৈ সাহস নকৰিলে। উপায়ন্তৰত ৰাইজে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ নিজে আইন হাতত তুলি লোৱাৰ ভাবুকি প্ৰদান কৰিছে ।