State Bjp Executive Meeting In Jorhat:
প্ৰতিকুল বতৰৰ মাজতে যোৰহাটত আজি অনুষ্ঠিত হৈছে প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যনিবাহক সভা । যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত সভাত অংশ গ্ৰহনৰ বাবে উপস্থিত হৈছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া,ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী,৩৯খন সাংগঠনিক জিলা সভাপতি আৰু প্ৰভাৰীৰ অংশগ্ৰহণ ৷
ইতিমধ্যে পুৱা অনুষ্ঠিত হোৱা বৰ্দ্ধিত ৰাজ্যিক বিষয়ববীয়া সভাত সভাপতিত্ব কৰে ৰাজ্যিক সভাপতি দিলীপ কুমাৰ শইকীয়াই ৷ সভাত অংশ লোৱা সভাপতি দিলীপ কুমাৰ শইকীয়া,ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী,কাজিৰঙাৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাচা,ৰাজ্যিক সাংগাঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুক যোৰহাট জিলা সমিতিয়ে উস্ম আদৰণি জনায় ৷
উল্লেখ্য যে বৰ্দ্ধিত ৰাজ্যিক বিষয়ববীয়াৰ সভা খনৰ পিছতে আয়োজিত মুল কাৰ্যনিৰ্বাহক সভাত অংশ ল’ব মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷