Deadbody Recovered In Boko:
বকো ৰাজাপাৰাৰ নধিয়াপাৰাত উদ্ধাৰ এটা মৃতদেহ ৷ অসম- মেঘালয় সীমান্তৱৰ্তী নধিয়াপাৰাত বকো নদীৰ দলঙৰ তলত উদ্বাৰ হয় মৃতদেহটো ৷ পানীৰ সোঁতে উটুৱাই আনে মৃতদেহটো ৷
ADVERTISEMENT
প্ৰত্যক্ষদৰ্শীয়ে খৱৰ দিয়াৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো৷ উদ্বাৰ হোৱা মৃতদেহটো বকো আৰক্ষী থানাৰ অন্তৰ্গত অসম- মেঘালয় সীমান্তৰ গোহালকোণাৰ বাৰ্লো চাংমা (৬৫)ৰ বুলি চিনাক্ত কৰা হৈছে । ইতিমধ্যে উদ্ধাৰ হোৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় জি এম চি এইচলৈ ৷