Tiger killed in Khumtai:
নৰৰূপী দানৱৰ জিঘাংসাৰ বলী হ’ল বনৰজা ৷ কেইবা হাজাৰ লোকে খেদি খেদি হানি-খুচি হত্যা কৰে এটা ঢেকীয়াপতীয়া বাঘক ৷ হত্যা কৰাৰ পিছত বাঘটোৰ দাঁত,ছাল আৰু ভৰি কাটি নিয়ে বনদস্যু ৰূপী লোকসকলে ৷ এই নৃশংস কাণ্ড বৃহস্পতিবাৰে সংঘটিত হয় খুমটাইৰ দুসুঁতিমুখত ৷
উল্লেখ্য যে বিগত এমাহ ধৰি অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি আহিছিল বাঘটোৱে ৷ বনবিভাগৰ গুৰুত্বহীনতাৰ বাবেই বাঘটো মৃত্যুমুখত পৰাৰ অভিযোগ ৷ বাঘটো ট্ৰেংকুইলাইজ কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ নল’লে বনবিভাগে।
বৃহস্পতিবাৰে বৃহত্তৰ অঞ্চলটোৰ কেইবা হাজাৰ ৰাইজে লোকে হানি খুচি হত্যা কৰে বাঘটো ৷ বনবিভাগক পুৱাতেই খবৰ দিছিল যদিও চাৰিজন লোক পঠায়েই দায়িত্ব সামৰিলে বনবিভাগে। কিছুদিন পূৰ্বে চেলেক গাঁৱত এজন লোকক আক্ৰমণ কৰি হত্যা কৰিছিল বাঘটোৱে ৷ বৃহত্তৰ অঞ্চলটোত বাঘৰ সন্ত্ৰাসৰ বাবে ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ শংকাত ভুগিছিল জনতা ৷
আনহাতে গোলাঘাটৰ বন বিভাগৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ ৷ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ঘটনাটোক লৈ ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া ৷ এনেদৰে বাঘটোক নিধন কৰা কাৰ্যক গৰিহণা দিয়াৰ লগতে এনেবোৰ ক্ষেত্ৰত চৰকাৰেও ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন আছে বুলি উল্লেখ বিধায়ক গৰাকীৰ ৷ ঘটনা সন্দৰ্ভত বনবিভাগে মন্তব্য দিয়াৰ পৰা বিৰত আছে । ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোত অব্যাহত চেপা উত্তেজনা ৷ আনহাতে বন্যজন্তুক হত্যাকৰা সকলৰ শাস্তি দাবী কৰিছে প্ৰকৃতিপ্ৰেমী বিভিন্ন দল- সংগঠনে ৷