Jammu and Kashmir: বিগত এমাহ ধৰি উত্তপ্ত জম্মু-কাশ্মীৰ।যোৱা ২২ এপ্ৰিলত পহলগামত সংঘটিত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ২২ মে’ত ৫৭ বছৰৰ অভিলেখৰ গৰম পৰিলে উপত্যকাত।
বৃহস্পতিবাৰে শ্ৰীনগৰৰ সৰ্বোচ্চ উষ্ণতা ৩৪.৪ ডিগ্ৰী চেলছিয়াছ বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে।
ইয়াৰ পূৰ্বে ভুস্বৰ্গ তাপমাত্ৰাই ৩০ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছিল । ১৯৬৮ চনৰ ২৪ মে’ত শ্ৰীনগৰৰ সৰ্বোচ্চ উষ্ণতা আছিল ৩৬.৪ ডিগ্ৰী চেলছিয়াছ।
লগতে ১৯৫৬ চনৰ ৩১ মে’ত উপত্যকাটোৰ উষ্ণতা ৩৫ ডিগ্ৰী পৰ্যন্ত হয়। আৰু এইবাৰ ২০২৫ চনৰ ২২ মে’ত শ্ৰীনগৰত সৰ্বোচ্চ উষ্ণতা ৩৪.৪ ডিগ্ৰী চেলচিয়াছ।
ইফালে দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগৰ উষ্ণতাই সৰ্বকালৰ অভিলেখ অতিক্ৰম কৰিছে। বৃহস্পতিবাৰে ইয়াত সৰ্বোচ্চ উষ্ণতা ৩৩.৩ ডিগ্ৰী চেলছিয়াছ। ইয়াৰ পূৰ্বে ২০০১ চনৰ ১৫ মে’ত এই অঞ্চলৰ সৰ্বোচ্চ উষ্ণতা আছিল ৩২.৬ ডিগ্ৰী চেলছিয়াছ।
উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে শিক্ষা বিভাগে বিদ্যালয়ৰ সময় সলনি কৰাৰ নিৰ্দেশ দিছে। শ্ৰীনগৰ পুৰ অঞ্চলৰ বিদ্যালয়সমূহ পুৱা ৮:৩০ বজাৰ পৰা দুপৰীয়া ২:৩০ বজালৈ খোলা থাকিব।
নগৰ অঞ্চলৰ বাহিৰৰ বিদ্যালয়সমূহত পুৱা ন’বজাৰ পৰা বিয়লি তিনি বজালৈ পাঠদান অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰা হৈছে।
উল্লেখ্য যে, পহলগাম আক্ৰমণৰ এমাহ পাৰ হোৱাৰ পাছতো এতিয়াও অস্থিৰ হৈ আছে পৰিৱেশ। পৰ্যটকৰ নহাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে পৰ্যটন ব্যৱসায়। ইফালে সম্প্ৰতি উপত্যকাটোৰ উষ্ণতাই ৩০ৰ দশক অতিক্ৰম কৰিছে।