Dhaka will take similar steps in India:অনুপ্ৰৱেশকাৰীক ওভতাই পঠিওৱাৰ ভাৰতৰ অনুৰূপ পদক্ষেপ ল’ব ঢাকাই

সদৰী কৰিলে বাংলাদেশৰ অন্তৱর্তী চৰকাৰৰ বৈদেশিক উপদেষ্টাই

bangladesh

Dhaka will take similar steps in India:

বিগত বৰ্ষত বাংলাদেশত সৃষ্টি হোৱা অস্থিৰ ৰাজনৈতিক পৰিস্থিতিৰ পাছৰে পৰা ভাৰতবৰ্ষত অনুপ্রৱেশ ব্যাপক হাৰত বৃদ্ধি হৈছে। ইয়াৰে কিছু সংখ্যক অনুপ্ৰৱেশকাৰী ধৰা পৰিছে। অসম চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ ভিত্তিত ধৰা পৰা অনুপ্ৰৱেশকাৰীসকলক আইনৰ আওতালৈ নানি তাৎক্ষণিকভাৱে নিজ দেশলৈ ঘূৰাই পঠিওৱা হৈছে।

ADVERTISEMENT

পশ্চিমবংগকো একে নীতি পালন কৰিবলৈ কেন্দ্রীয় গৃহ মন্ত্রণালয়ে পৰামর্শ দিছে। ভাৰতৰ এই নীতিক শীঘ্রে প্রত্যাহ্বান জনাবলৈ চিন্তা-চর্চা অব্যাহত ৰাখিছে বাংলাদেশে। দেশখনৰ বৈদেশিক উপদেষ্টা তৌহিদ হুছেইনে এক সংবাদমেলত কয় যে বাংলাদেশে কি সিদ্ধান্ত গ্রহণ কৰিব, সেয়া অদ্যাপি স্পষ্ট হোৱা নাই; কিন্তু ভাৰতে শেহতীয়াকৈ যিসকলক অনুপ্রৱেশকাৰী বুলি কৈ বলপূর্বক বাংলাদেশলৈ পঠিয়াই দিছে, তাৰ মাজত যদি কোনোবা ভাৰতীয় নাগৰিক ওলায়, সেইসকলক বাংলাদেশে ততাতৈয়াকৈ ওভতাই পঠিয়াব। ভাৰতত ৰহিংগ্যা অনুপ্রবেশকাৰীও সঘনে ধৰা পৰি আহিছে।

ৰহিংগ্যাক যিহেতু ভাৰতত আশ্রয় দিয়া হোৱা নাই, সেয়েহে ধৰা পৰা সকলোৱেই বাংলাদেশৰ পৰাই অনুপ্ৰৱেশ কৰাৰ তথ্য দেশৰ নিৰাপত্তা সংস্থাসমূহে নিশ্চিত কৰিছে। তেনে সকলকো বাংলাদেশলৈ পঠিয়াই দিয়া নীতি ভাৰতে ৰূপায়ণ কৰি আহিছে। এই সন্দর্ভতো হুছেইনে কয় যে এই পর্যন্ত বাংলাদেশে বিষয়টোক লৈ কোনো স্পষ্ট সিদ্ধান্ত গ্রহণ কৰা নাই; কিন্তু বৈদেশিক উপদেষ্টাজনে স্পষ্ট কৰি দিয়ে যে ভাৰতৰ ‘পুছড বেক’ অর্থাৎ মানুহবোৰক বাংলাদেশলৈ পঠিয়াই দিয়া নীতি তেওঁলোকৰ বাবে গ্রহণীয় নহয়।

এই ক্ষেত্রত হুছেইনে কয়, ‘বাংলাদেশে বিষয়টোক লৈ ভাৰত চৰকাৰক এখন পত্র দিছে। এই পত্ৰত উল্লেখ কৰা হৈছে যে শেহতীয়াকৈ ভাৰতৰ পৰা মানুহ পঠিয়াই দিয়াৰ যি প্রক্রিয়া চলাই থকা হৈছে, সেই ক্ষেত্রত দিল্লীক দেশ দুখনৰ মাজত পূৰ্বৰে পৰা চলি থকা চুক্তিক উলংঘা নকৰিবলৈ কোৱা হৈছে। আমি এদিনতে আমাৰ পত্ৰৰ উত্তৰ পাম বুলি আশা কৰা নাই।

তদুপৰি তেওঁলোকেও আমাক নিজৰ যুক্তি দেখুৱাব আৰু আমিও আমাৰ যুক্তি দর্শাম। ভাৰতে আমাক কিছুমান নাম দিছে। আমাৰ গৃহ মন্ত্রণালয়ৰ জৰিয়তে সেই নামবোৰ পৰীক্ষা কৰি থকা হৈছে। যদি তাৰ মাজত ভাৰতৰ নাগৰিক ওলায়, তেন্তে বাংলাদেশে তেনে লোকক ভাৰতলৈ পঠিয়াই দিব। চুক্তিৰ বিধি অনুসৰি আমি আগবাঢ়িম। চুক্তিৰ বাহিৰত যাতে কোনো কাম নহয়, সেয়া নিশ্চিত কৰাৰ বাবে আমি দিল্লীৰ লগত যোগাযোগ ৰক্ষা কৰি চলিছো। ৰহিংগ্যাৰ ক্ষেত্ৰতো কোনো স্পষ্ট সিদ্ধান্ত হোৱা নাই।’

বৈদেশিক উপদেষ্টাজনে এই বুলিও কয় যে বাংলাদেশৰ অন্তৱর্তীকালীন চৰকাৰে ভাৰতৰ লগত থকা চুক্তিবোৰ পুনৰীক্ষণ কৰিব। তেনে চুক্তিৰ একাংশ দ্বিপাক্ষিক বুজাবুজিৰে বাতিল কৰিব পাৰি। অৱশ্যে এই মুহূর্তত কোনো চুক্তি বাতিল কৰা হোৱা নাই। এই সময়ত সেই চুক্তি অনুসৰি দুয়োখন দেশে কাম কৰাতহে গুৰুত্ব দিব লাগে বুলি উল্লেখ কৰি হুছেইনে অৱশ্যে মন্তব্য কৰে যে কোনেও চুক্তিৰ চুক্তিৰ বিধি ভংগ কৰা বুলি কেতিয়াও স্বীকাৰ নকৰে।

এই সংবাদমেলতে হুছেইনে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয় যে ভাৰতে উত্তৰ-পূৰ্বাঞ্চলৰ ভূমি বন্দৰ বাংলাদেশে ব্যৱহাৰ কৰিব নোৱাৰাৰ যি নিষেধাজ্ঞা আৰোপ কৰিছে, তাকে লৈ ঢাকাই দিল্লীক এখন পত্র প্ৰেৰণ কৰিছে।

Exit mobile version