India-Pakistan Conflict:ছৌডি আৰবত ভাৰতৰে চাৰিটা বিষয়ত আলোচনাৰ বাবে আগ্রহী পাকিস্তান

কেৱল দ্বিপাক্ষিক আলোচনাহে হ'ব, তৃতীয় পক্ষই অংশ ল'ব নোৱাৰিব ,স্পষ্ট কৰি দিলে দিল্লীয়ে, ছৌডি আৰবত ভাৰতৰে চাৰিটা বিষয়ত আলোচনাৰ বাবে আগ্রহী পাকিস্তান, কাশ্মীৰ-পানী-বাণিজ্য-সন্ত্রাসবাদ: শ্বৰীফ, ভাৰতীয় কূটনীতিকক বহিস্কাৰ

pak 1

India-Pakistan Conflict:

সিন্ধু জলচুক্তি স্থগিতকৰণ, বাণিজ্যিক সম্পৰ্ক বাতিল আদিকে ধৰি ভাৰতে কঠোৰ স্থিতি গ্ৰহণ কৰাত পাকিস্তান দিশহাৰা হোৱাৰ ইংগিত স্পষ্ট হৈছে। সম্প্রতি পাক প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ স’তে আলোচনা বিচাৰি প্ৰস্তাৱ আগবঢ়াইছে। পাক প্ৰধানমন্ত্ৰীৰ এই প্ৰস্তাৱৰ প্ৰত্যুত্তৰত ভাৰতে স্পষ্ট কৰি দিছে যে ভাৰত-পাকিস্তানৰ মাজৰ যিকোনো আলোচনা কেৱল দ্বিপাক্ষিকহে হ’ব।

ADVERTISEMENT

দুয়োখন দেশৰ মাজৰ আলোচনাত তৃতীয় পক্ষই অংশ ল’ব নোৱাৰিব বুলি বৃহস্পতিবাৰে মন্তব্য কৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রণালয়ৰ মুখপাত্র ৰণধীৰ জয়ছোৱালে। ইয়াৰ পূৰ্বে পাক প্রধানমন্ত্রী শ্বাহবাজ শ্বৰীফে চাৰিটা মূল বিষয়ত ভাৰতৰ স’তে দ্বিপাক্ষিক আলোচনা বিচাৰি প্ৰস্তাৱ আগবঢ়ায়।

পাকিস্তানী সংবাদপত্র ‘ডন’ত প্রকাশিত বাতৰি অনুসৰি পাক প্রধানমন্ত্রীজনে চাৰিটা বিষয় ক্রমে কাশ্মীৰ, পানী, বাণিজ্য আৰু সন্ত্রাসবাদক লৈ ভাৰতৰে আলোচনাত বহিবলৈ আগ্রহ প্রকাশ কৰিছে। এই প্রস্তাৱিত আলোচনা তেওঁ এক নিৰপেক্ষ স্থানত অনুষ্ঠিত হোৱাটো বিচাৰিছে। এই নিৰপেক্ষ স্থানৰূপে তেওঁ ছৌডি আৰবৰ নাম প্রস্তাৱ কৰিছে।

‘ডন’ক তেওঁ কয়, ‘ভাৰতৰ স’তে চাৰিটা মূল বিষয় ক্রমে কাশ্মীৰ, পানী, বাণিজ্য আৰু সন্ত্রাসবাদক লৈ আলোচনা বিচাৰো। ভাৰতে কেৱল সন্ত্রাসবাদক লৈ আলোচনা বিচাৰিলেও এই চাৰিওটা বিষয় আলোচনালৈ আনিবলৈ আমি অনুৰোধ জনাম।’ পানী সন্দর্ভত আলোচনা বিচৰা বুলি পাক প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যৰ জৰিয়তে ভাৰতে স্থগিত ৰখা সিন্ধু জলচুক্তিক বুজোৱাটো প্রতিপন্ন হৈছে। কাৰণ পহলগাম আক্ৰমণৰ পাছত ভাৰত চৰকাৰে স্থগিত কৰা সিন্ধু জলচুক্তি বর্তমানেও স্থগিত হৈয়ে আছে।

আনহাতে, সাংবাদিকে চীন ভাৰত-পাকিস্তানৰ আলোচনাৰ স্থান হ’ব পাৰে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত পাক প্রধানমন্ত্রীজনে কয়, ‘এই ক্ষেত্রত ভাৰত কেতিয়াও সম্মত নহ’ব। ছৌডি আৰবত এই দ্বিপাক্ষিক আলোচনা হ’ব পাৰে।’ এই ক্ষেত্ৰত দুই দেশৰ বুজাপৰাৰ মাজৰে স্থান বাছনি হ’ব বুলিও তেওঁ আশা প্রকাশ কৰে।

ইপিনে, পাক প্রধানমন্ত্রীজনে ভাৰতৰ স’তে চাৰিটা মূল বিষয়ত আলোচনা বিচৰা সন্দৰ্ভত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্রণালয়ৰ মুখপাত্র জয়ছোৱালে কয়, ‘ভাৰত আৰু পাকিস্তানৰ মাজৰ যিকোনো আলোচনা দ্বিপাক্ষিকহে হ’ব। তৃতীয় কোনো পক্ষই প্রত্যক্ষ বা পরোক্ষভারে আলোচনাত অংশ ল’ব নোৱাৰিব।’ অৱশ্যে তেওঁ স্পষ্ট কৰি দিয়ে যে সন্ত্রাসবাদ আৰু আলোচনা একেলগে নচলিব।

সন্ত্রাসবাদক লৈ পাকিস্তানৰ স’তে আলোচনা কৰিবলৈ ভাৰত প্রস্তুত বুলি উল্লেখ কৰি জয়ছোৱালে লগতে কয়, ‘এই আলোচনা একেটা বিষয়তে হ’ব লাগিব। ভাৰত আৰু পাকিস্তানৰ মাজৰ আলোচনা দ্বিপাক্ষিক হ’ব লাগিব। আমি এটা কথা লক্ষ্য কৰিছো যে আলোচনা আৰু সন্ত্রাসবাদ একেলগে নচলে।’ জয়ছোৱালে লগতে কয় যে কিছু বছৰ পূৰ্বে পাকিস্তানে ভাৰতলৈ এখন তালিকা প্ৰেৰণ কৰে।

তালিকাখনত পাকিস্তানত থকা বহুসংখ্যক সন্ত্রাসবাদীৰ নাম আছে। এই সন্ত্রাসবাদীসকলক ভাৰতলৈ হস্তান্তৰ সন্দৰ্ভতহে পাকিস্তানৰ স’তে আলোচনা হ’ব পাৰে বুলি তেওঁ কয়। কাশ্মীৰ প্ৰসংগক লৈয়ো পাকিস্তানৰে ভাৰতৰ আলোচনা হ’ব পাৰে বুলি বৈদেশিক পৰিক্ৰমাৰ মুখপাত্ৰজনে সদৰী কৰে। তেওঁ কয়, ‘জম্মু-কাশ্মীৰক লৈ ভাৰত-পাকিস্তানৰ মাজত আলোচনা হ’ব পাৰে। জম্মু-কাশ্মীৰৰ যি অংশ পাকিস্তানে বেআইনীভাৱে ধৰি ৰাখিছে সেই অংশ দ্রুতভাবে এৰি দিলে আলোচনা হ’ব।’

# ভাৰতীয় কূটনীতিকক বহিষ্কাৰ পাকিস্তানৰ

ভাৰতে বুধবাৰে নতুন দিল্লীস্থিত পাক উচ্চাযুক্তৰ এজন কূটনীতিকক বহিষ্কাৰ কৰাৰ পাছতে বৃহস্পতিবাৰে ইছলামাবাদস্থিত ভাৰতীয় উচ্চাযুক্তৰ এজন কূটনীতিকক বহিষ্কাৰৰ জাননী জাৰি কৰে। ভাৰতীয় কূটনীতিকজনক অবাঞ্ছিত আখ্যা দি ইছলামাবাদে তেওঁক ২৪ ঘণ্টাৰ ভিতৰত পাকিস্তান ত্যাগ কৰিবলৈ নির্দেশ দিছে। উল্লেখ্য যে কালি ভাৰতে বহিষ্কাৰ কৰা কূটনীতিকজন তেওঁৰ চৰকাৰী পদবীৰ স’তে সামঞ্জস্য নথকা কামত লিপ্ত আছিল বুলি অভিযোগ উত্থাপন হৈছে।

Exit mobile version