এইবাৰ গুজৰাতত গ্রেপ্তাৰ পাকিস্তানী চোৰাংচোৱা, বায়ুসেনাৰ গোপন তথ্য ফাদিলৰ অভিযোগ

IMG 20250524 173020

Gujarat: পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ইউটিউবাৰ জ্যোতি মালহোত্ৰাকে ধৰি কেবাজনো লোক।

ADVERTISEMENT

এইবাৰ পুনৰ গুজৰাটৰ পৰা গ্ৰেপ্তাৰ হ’ল আন এজন ব্যক্তি। ধৃত ব্যক্তিজনৰ নাম সহদেৱ সিং গোহিল (২৮)। তেওঁ কুচ্চৰ বাসিন্দা।

তেওঁৰ বিৰুদ্ধে বায়ুসেনা আৰু বি এছ এফৰ গোপনীয় তথ্য ফাদিল কৰাৰ অভিযোগ উত্থাপন হৈছে।তদন্তকাৰীৰ এক সূত্ৰৰ পৰা জনোৱা অনুসৰি ,২০২৩ চনত সহদেৱ অদিতি ভৰদ্বাজ নামৰ আই এছ আই এজেণ্টৰ সংস্পৰ্শলৈ আহিছিল।

অভিযোগ অনুসৰি বিএছএফ আৰু বায়ুসেনাৰ বহু গোপন তথ্য আৰু ভিডিঅ’ তেওঁ হোৱাটছএপৰ জৰিয়তে অদিতিৰ হাতত গতাই দিছিল।

গুজৰাট এণ্টি টেৰৰিজম স্কোয়াডৰ বিষয়া কে সিদ্ধাৰ্থে কয়, “২০২৫ চনৰ আৰম্ভণিতে সহদেৱে এখন নতুন চিম ক্ৰয় কৰিছিল।বিএছএফ আৰু বায়ুসেনাৰ অধীনৰ বহু ঠাইৰ ছবি আৰু ভিডিঅ’ হোৱাটছএপৰ জৰিয়তে অদিতিলৈ প্ৰেৰণ কৰিছিল।”

সহদেৱৰ ফোনটোৰ ফৰেনছিক পৰীক্ষাৰ পাছত পোহৰলৈ আহিছে যে তেওঁৰ পাকিস্তানৰ স’তে প্ৰত্যক্ষ সম্পৰ্ক আছে। তথ্য অনুসৰি শেহতীয়াকৈ এজন অচিনাক্ত যুৱকে তেওঁক নগদ ৪০ হাজাৰ টকা পঠিয়াইছে।

অৱশ্যে যুৱকজনৰ সন্দৰ্ভত এতিয়াও কোনো তথ্য লাভ কৰা নাই তদন্তকাৰীয়ে।

Exit mobile version