AASU Reaction:
এখন ব্যক্তিগত কাজিয়াত আছু-এ সময় শক্তি অপচয় কৰাত কোনো চিন্তা কৰা নাই বুলি তাৎপৰ্যপূৰ্ণ আগবঢাই আছুৰ সভাপতি উংপল শৰ্মাই ৷
আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ পিছত দীৰ্ঘ নীৰৱতা ভংগ কৰি থকা আছুৱে অৱশেষত মুখ খুলি নিজৰ স্থিতি স্পষ্ট কৰিলে আছুৰ সভাপতি উৎপল শৰ্মাই কয় ‘বিয়াৰ প্ৰলোভনেৰে এগৰাকী আছু সদস্যৰ ওপৰত যৌন উৎপীড়ন চলোৱাৰ অভিযোগত অভিযুক্ত হৈ ছাত্ৰ সন্থাৰ পৰা বহিষ্কাৰ হোৱাই নহয় আনকি গ্ৰেপ্তাৰৰ ভয়ত পলাই থাকিবলগীয়া হৈছিল শংকৰজ্যোতি বৰুৱা | শাৰীৰিক নিৰ্যাতন আৰু যৌন শোষণৰ অভিযোগ থকা বৰুৱাৰ সপক্ষে আছু অৱস্থান কৰা প্ৰশ্নই উঠিব নোৱাৰে ৷ তেনে আশা কৰাটোও ভূল বুলি মন্তব্য কৰে উৎপল শৰ্মাই ।
যি গৰাকী যুৱতীৰ ওপৰত বিয়াৰ প্ৰলোভনৰে যৌন নিৰ্যাতন চলাইছিল তেওঁ বৰ্তমান আছুৰ কাৰ্যনিৰ্বাহ কৰি আছে ৷ গতিকে এই গৰাকী যুৱতীক চলোৱা নিৰ্যাতনত অভিযুক্ত শংকৰজ্যোতিৰ প্ৰতি আছুৰ কোনো সহানুভূতি বা অনুকম্পা নাই ৷ একেদৰে আজিও ন্যায় বিচাৰি আদালতৰ দুৱাৰে দুৱাৰে ঘূৰিছে নিৰ্যাতিতা যুৱতী গৰাকীয়ে ।
আনহাতে শংকৰজ্যোতিৰ হাতত হাতকেৰেয়া লগোৱা প্ৰসংগত সাংবাদিকে সোধা এক প্ৰশ্নোত্তৰত শৰ্মাই কয়,হাতকেৰেয়া লগোৱা বিষয়টোৰ বিপৰীতে আমাৰ আন এটা কথা মনত পৰিছে ৷সেইয়া হৈছে চিপজৰীডাললৈ ৷ বিয়াৰ প্ৰলোভনৰে যৌন উৎপীড়ন কৰা অভিযুক্তৰ স’তে বিভিন্ন মাধ্যমত প্ৰাক্তন আছুৰ একাকাৰ কৰাটো অনুচিত ৷কিয়নো যিসকলে আছু এৰিছে তেওঁলোকে সসন্মানে আছুৰ পৰা বিদায় লৈছে ৷সেই সকল আজিও বিভিন্ন ক্ষেত্ৰত মৰ্যাদা সহকাৰে জীৱননিৰ্বাহ কৰিছে ৷ কিন্ত অপকৰ্মত লিপ্ত হৈ আছুৰ পৰা বহিস্কৃত হোৱা সকলৰ প্ৰতি আছুৰ সহমৰ্মিতা আজিও নাই আৰু কেতিয়াও নাথাকিব বুলি সংবাদমেলত স্পষ্ট কৰিলে আছুৰ সভাপতি গৰাকীয়ে ৷