Nagaon:আৰামৰ বৃত্তই কাঢ়ি নিছে আমাৰ সফলতা

নগাঁৱৰ টেট উত্তীৰ্ণ শিক্ষক সমাজৰ কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত লেখক-সাংবাদিক জ্যোতিপ্ৰসাদ বৰা

nagaon

Nagaon:

উচ্চ ডিগ্ৰীধাৰী হ’লেও মূল্যবোধহীন শিক্ষাৰ কোনো আদৰ নাই । একেদৰে সংস্কাৰবিহীন শিক্ষাও অৰ্থহীন । জীৱনত সৰ্বোৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিবলৈ হ’লে আমিকে নিজকে আৰামৰ বৃত্তৰ বাহিৰলৈ উলিয়াই নিব লাগিব । পৃথিৱীৰ কৃতকাৰ্য ব্যক্তিসকলে কঠোৰ পৰিশ্ৰম আৰু সাধনাৰ জৰিয়তেহে নিজকে ৰাষ্ট্ৰীয় মঞ্চত প্ৰতিষ্ঠা কৰাইছে । কমফৰ্ট জ’নৰ অৱস্থিতিয়ে আমাৰ পৰা সফলতা বিলাক কাঢ়ি লৈ গৈছে ।” – এই মন্তব্য লেখক-সাংবাদিক জ্যোতিপ্ৰসাদ বৰাৰ

ADVERTISEMENT

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ নগাঁও জিলা সমিতিৰ আহ্বানত খাগৰিজান খণ্ড সমিতিৰ ব্যৱস্থাপনাত আজি অনুষ্ঠিত হোৱা কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি এই মন্তব্য প্ৰদান কৰে নাট সমালোচক গৰাকীয়ে ।

লগতে তেওঁ নতুন শিক্ষানীতিয়ে শিক্ষণ আৰু পঠনৰ ক্ষেত্ৰত এক অনুকূল পৰিৱেশৰ সৃষ্টি কৰিছে বুলিও উল্লেখ কৰে । তেইশ মিনিটৰ ভাষণ প্ৰসংগত জ্যেষ্ঠ সাংবাদিক গৰাকীয়ে সৰ্বভাৰতীয় পৰ্যায়ত অসমীয়াৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি প্ৰকৃত অসমীয়াগিৰি প্ৰদৰ্শন কৰিবলৈ ছাত্ৰ সমাজক আহ্বান জনায় । পাখিমৰীয়াৰ শৰৎ চন্দ্ৰ বৈদ্য প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাণা বৰাৰ সভাপতিত্বত নগাঁও চহৰৰ চলচলি জনজাতি প্ৰাথমিক বিদ্যালয়ৰ সভাগৃহত বিয়লি ১.৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানটিৰ আঁত ধৰে শিক্ষক ভাস্কৰজ্যোতি মহন্তই ।

টেট উত্তীৰ্ণ প্ৰাথমিক শিক্ষক সমাজৰ খাগৰিজান খণ্ডৰ সভাপতি ভৱজিৎ কুমাৰ শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানটিত খ্যাতি কাশ্যপ, সংস্কৃতা বৰা, যাদৃশ কাশ্যপ, দেৱাংগ ৰাজ মেধি আৰু সংস্কৃতি শৰ্মাক উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত লাভ কৰা বিশেষ সফলতাৰ বাবে ৰাজহুৱাকৈ অভিনন্দন জ্ঞাপন কৰা হয় ।

শতাধিক শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থকা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ নগাঁও জিলা সমিতিৰ সভাপতি ভৱজ্যোতি ডেকা, সম্পাদক জয়দেৱ নাথ, কেন্দ্ৰীয় প্ৰতিনিধি ভক্তি প্ৰতিম দাধৰা, অশ্বিনী বৰা, জিলা উপ সভাপতি মাণিক বৰা, খাগৰিজান খণ্ডৰ সভাপতি টংকেশ্বৰ শৰ্মা, সম্পাদক বিষ্ণুজ্যোতি ৰাজখোৱা, সহকাৰী সম্পাদক শ্যামল চক্ৰৱৰ্তী আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে ।

Exit mobile version