ISRO : যোৱা দেওবাৰে ব্যৰ্থ হয় ইছৰোৰ ১০১ সংখ্যক উৎক্ষেপণ অভিযান। পিএছএলভি-চি৬১ ৰকেটখন উৰাৰ কিছু সময়ৰ পাছতে যান্ত্ৰিক সমস্যাৰ সন্মুখীন হয়। উৎক্ষেপণৰ ২০৩ ছেকেণ্ডৰ পাছত তৃতীয় পৰ্যায়ত সমস্যাৰ সৃষ্টি হোৱাৰ পাছত মিছনটো বাতিল কৰা হয়।
এইবাৰ এই ব্যৰ্থতাৰ মূল কাৰণ বিচাৰি আৰম্ভ কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই। ইয়াৰ উপৰিও আপাততঃ বন্ধ কৰি দিয়া হৈছে পি এছ এল ভি ৰকেটৰ ব্যৱহাৰ। জুন মাহত ইছৰোৰ অভিযানৰ বাবে বেলেগ ৰকেট ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
বিগত দেওবাৰে এই অভিযান বিফল হোৱাৰ পাছত ইছৰোৰ মুৰব্বী ভি নাৰায়ণে লাইভ ষ্ট্ৰিমত আহি সমগ্ৰ বিষয়টো বুজাই দিয়ে। তেওঁ কয়,” ১০১ তম্ অভিযান আৰম্ভ কৰা হৈছে। দ্বিতীয় পৰ্যায়লৈকে পিএছএলভি-চি৬১ স্বাভাৱিক আছিল। কিন্তু তৃতীয় পৰ্যায়ত বিশেষ পৰ্যবেক্ষণৰ পাছত এই অভিযান বাতিল কৰা হয়।”
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই যোৱা জানুৱাৰী মাহত ১০০ সংখ্যক উৎক্ষেপণেৰে এক নজিৰ গঢ়ি তুলিছিল।
এক সৰ্বভাৰতীয় সংবাদ মাধ্যমক ইছৰোৰ সূত্ৰই জনাইছে যে, পিএছএলভিৰ ব্যৱহাৰ স্থগিত ৰখাটো সাময়িক। অৱশ্যে তদন্ত সমিতিসমূহে প্ৰতিবেদন দাখিল কৰাৰ পিছতহে এই বিষয়ত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব।
যদিহে কোনো ডাঙৰ সমস্যা ধৰা পৰে তেন্তেহে ভৱিষ্যতে মুকলি কৰাৰ বাবে ইয়াক নিশ্চিতভাৱে বাতিল কৰা হ’ব।