ৰাছিয়াই নিশাৰ ভিতৰতে ইউক্ৰেইনত ড্ৰোন-মিছাইল আক্ৰমণ!

অধিকাংশই প্ৰতিহত কৰিলে কিয়েভে 

ukraine 2

Ukraine: শনিবাৰে নিশা ইউক্ৰেইনত অবিৰত আক্ৰমণ চলায় ৰাছিয়াই। তথ্য অনুসৰি , নিশাটোৰ ভিতৰতে মস্কোৱে ২৫০খন ড্ৰ’ন আৰু ১৪টা বেলিষ্টিক মিছাইল নিক্ষেপ কৰে ।

ADVERTISEMENT

কিন্তু ইউক্ৰেইনৰ প্ৰতিৰক্ষা ব্যৱস্থাই ছয়টা ক্ষেপণাস্ত্ৰ আৰু ২৪৫টা ক্ষেপণাস্ত্ৰ প্ৰতিহত কৰে! একেৰাহে দুদিন গোটেই নিশা ৰাছিয়াই আক্ৰমণ চলাইছিল।

এক্স হেণ্ডেলত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে এই আক্ৰমণৰ বিষয়ে লিখিছে। তেওঁ লিখিছে, “প্ৰতি নিশাই আমাৰ বাহিনীয়ে জীৱন ৰক্ষাৰ বাবে কাম কৰে। আজিও ৰাছিয়াৰ এটা ব্যাপক আৰু জঘন্য আক্ৰমণ। বেলিষ্টিক মিছাইলসমূহ কেইবাটাও সফলতাৰে প্ৰতিহত কৰা হৈছে। ইয়াৰ উপৰিও ২৫০ খন ড্ৰ’ন আছিল, ইয়াৰে অধিকাংশই আছিল শ্বাহেদ। বায়ু প্ৰতিৰক্ষা ব্যৱস্থাত আমাক সহায় কৰা সকলৰ প্ৰতি আমি কৃতজ্ঞ।আমাক এনে প্ৰতিৰক্ষা ব্যৱস্থা প্ৰদান কৰাৰ অৰ্থ হ’ল ইয়াৰ জনসাধাৰণৰ বাবে প্ৰকৃত নিৰাপত্তা।’

পাছত পুটিনক আক্ৰমণ কৰি তেওঁ কয়, “পুটিনে যুদ্ধবিৰতি নাকচ কৰিছে। ইয়াৰ পৰা তেওঁ কোনো লাভ হোৱা নাই। কেৱল প্ৰতিদিনে মানুহ মৃত্যুমুখত পৰিছে। আৰু সেয়েহে প্ৰতিদিনে ৰাছিয়াক নিষিদ্ধ কৰিবলৈ নতুন নতুন পৰিস্থিতিৰ সৃষ্টি হয়।”

উল্লেখ্য,২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হৈছিল।তেতিয়াৰ পৰা একাধিক পদক্ষেপ লোৱাৰ পাছটো দুয়োখন দেশৰ ৰাষ্ট্ৰপতিসকলে যুদ্ধৰ অন্ত পেলোৱাৰ বিষয়ে আলোচনা কৰিবলৈ মুখামুখিকৈ বহিবলৈ সন্মত হোৱা নাই।

শেহতীয়াকৈ ৰাছিয়াই ইউক্ৰেইনৰ স’তে প্ৰত্যক্ষ আলোচনাত মিলিত হ’বলৈ আগ্ৰহী হৈছিল।যুদ্ধৰ কাৰণসমূহ নিৰ্মূল আৰু দীৰ্ঘম্যাদী শান্তি পুনৰুদ্ধাৰ কৰা দ্বৈত লক্ষ্যৰে আলোচনা কৰিব বিচাৰিছে পুটিনে।

Exit mobile version