অপাৰেচন সিন্দূৰৰ পাছত গুজৰাটত মোডীৰ প্ৰথম ৰোড শ্ব’ !

উপস্থিত কৰ্ণেল ছফিয়া কুৰেশ্বীৰ পৰিয়াল 

IMG 20250526 153533

PM Narendra Modi: অপাৰেচন সিন্দূৰৰ পাছত প্ৰথমবাৰৰ বাবে গুজৰাটৰ মাটিত ভৰি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।সোমবাৰে পুৱা বদোদৰা বিমানবন্দৰৰ পৰা বায়ুসেনাৰ ষ্টেচনলৈ তেওঁ ৰোড শ্ব’ কৰে। তাত উপস্থিত আছিল কৰ্ণেল ছফিয়া কুৰেছিৰ পৰিয়ালো।

ৰোড শ্ব’ত মোডীক আদৰিবলৈ ৰাস্তাৰ দুয়োকাষে মোদীৰ অনুৰাগীৰ ভিৰ কৰা দেখিবলৈ পোৱা যায় । য’ত বেছিভাগ মানুহৰে হাতত জাতীয় পতাকা দেখা পোৱা গৈছে।

মোডীৰ ৰোড শ্ব’ত উপস্থিত আছিল কৰ্ণেল কুৰেশ্বীৰ পিতৃ তাজ মহম্মদ, মাতৃ হালিমা কুৰেশ্বী, ভগ্নী ছাইনা সোণছাৰা আৰু ককায়েক সঞ্জয় কুৰেশ্বী।

সাংবাদিকৰ স’তে হোৱা এক সাক্ষাৎকাৰত তাজে কয় যে, “প্ৰধানমন্ত্ৰীয়ে আমাক লগ পোৱাত আমি গৌৰৱান্বিত। ছফিয়া এতিয়া দেশৰ কন্যা। তেওঁ নিজৰ কাম সফলতাৰে সম্পূৰ্ণ কৰিছে।”

অপাৰেচন সিন্দুৰক প্ৰশংসা কৰি কৰ্ণেল কুৰেছিৰ মাতৃ হালিমাই কয়, উগ্ৰপন্থীয়ে আমাৰ ভগ্নীসকলৰ কপালৰ সেন্দূৰ কাঢ়িলে।এই অপাৰেচন তাৰেই প্ৰতিশোধ।

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতীয় সেনাই বিগত সাত মে’ত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী আত্মগোপন স্থানসমূহ ধ্বংস কৰে।

নিৰ্ভুল আৰু সঠিক আক্ৰমণৰ পাছত কৰ্ণেল ছফিয়া কুৰেশ্বি আৰু বায়ুসেনাৰ উইং কমাণ্ডাৰ ব্যোমিকা সিঙে এক সংবাদমেলত সমগ্ৰ দেশক অপাৰেচন সিন্দূৰৰ বিশদ বিৱৰণ দিয়ে।

অপাৰেচন সিন্দূৰৰ ব্রিফিঙে দুগৰাকী মহিলা বিষয়াক চর্চালৈ আনি দেশৰ মহিলাসকলৰ শক্তিৰ ওপৰত আলোকপাত কৰি সমগ্র বিশ্বলৈ সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰে।

Exit mobile version