গাজাত আশ্রয় শিবিৰত লক্ষ্য কৰি ইজৰাইল আক্ৰমণ !

শুই থকা অৱস্থাতে একাধিক শিশু-সহ ৩১ জনৰ মৃত্যু

1748249376 gaza blast

Gaza: গাজাত ইজৰাইলৰ নতুন আক্ৰমণত মৃত্যু হৈছে কেবাটাও শিশুসহ ৪৬ জন লোকৰ। সোমবাৰে গাজাত ইজৰাইলৰ বিমান আক্ৰমণত ৪৬ জন লোক নিহত হোৱাৰ লগতে ৫৫ জনতকৈ অধিক লোক আহত হয়।

ইয়াৰে ৩১ জনৰ মৃত্যু হয় এখন বিদ্যালয়ত স্থাপন কৰা অস্থায়ী আশ্ৰয় শিবিৰত।নিহতসকলৰ ভিতৰত আছে কেইবাটাও শিশু। শুই থকা অৱস্থাতে তেওঁলোকৰ মৃত্যু হয়।

গাজাৰ স্থানীয় স্বাস্থ্য বিভাগৰ মতে, গাজা চহৰৰ দাৰাজ অঞ্চলৰ এখন বিদ্যালয়ত অস্থায়ী আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছিল। দেওবাৰে গভীৰ নিশা ইজৰাইলে সেই স্থানত আক্ৰমণ কৰে।

সেই সময়ত সকলোৱে শুই আছিল। ঘটনাস্থলিতে ৩১ জন লোকৰ মৃত্যু হয়। কেৱল সেয়াই নহয়, এই আক্ৰমণত ৫৫ জনতকৈ অধিক লোক আহত হৈছে বুলি স্বাস্থ্য মন্ত্ৰালয়ৰ জৰুৰীকালীন সেৱাৰ মুৰব্বী ফাহ্মী আৱাদে জানিবলৈ দিয়ে।

Exit mobile version