Mumbai:ধাৰাষাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাইৰ ৱৰ্লি মেট্ৰ’ ষ্টেচন। ছাদ ভাঙি ষ্টেচনত জলসমুদ্ৰ পৰিৱেশ।কিছুদিন পূৰ্বেই নতুন এই ভূগৰ্ভস্থ ষ্টেচনটোৰ উদ্বোধন কৰা হৈছিল।ইয়াৰ মাজতে ষ্টেচনত এই পৰিস্থিতি।
ৱৰ্লি মেট্ৰ’ ষ্টেচনটো একুৱা লাইন তিনি’ৰ অধীনত পৰে।তথ্য অনুসৰি, এই লাইনৰ সেৱা ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে।
মুম্বাই মেট্ৰ’ লাইন তিনি’ৰ সেৱা বান্দ্ৰা-কুৰ্লা কমপ্লেক্স (বিকেচি)ৰ পৰা ৱৰ্লিৰ আচাৰ্য আত্ৰে চ’কলৈ বিগত ১০ মে’ৰ পৰা আৰম্ভ কৰা হয়।
কিন্তু এই ঘটনাৰ পাছতেই এতিয়া নতুনকৈ উদ্বোধন কৰা ষ্টেচনটোৰ আন্তঃগাঁথনি সন্দৰ্ভত প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে ।
প্ৰসংগক্ৰমে,কেৰালাত বাৰিষাৰ আগমনৰ লগে লগে মুম্বাই, পুনেকে ধৰি উপকূলীয় অঞ্চলত প্ৰবল বৰষুণ আৰম্ভ হৈছে। দেওবাৰে নিশাৰ পৰা মুম্বাইত হোৱা প্ৰবল বৰষুণৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে।
বৰষুণ আৰু ধুমুহাৰ ফলত বিমান চলাচল আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থাত প্ৰভাৱ পৰিছে।
আগন্তুক তিনিৰ পৰা চাৰি gঘণ্টাত মুম্বাইৰ কেবাটাও অঞ্চলত অধিক বৰষুণ হ’ব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডে প্ৰশাসনৰ বিষয়াৰ স’তে সমগ্ৰ বিষয়টো আলোচনা কৰিছে।
দুৰ্যোগৰ স’তে মোকাবিলা কৰিবলৈ তেওঁ সকলো ধৰণৰ প্ৰস্তুতি চলাবলৈ নিৰ্দেশ দিছে। পৰ্যাপ্ত পৰিমাণৰ সাহায্য মজুত ৰখাৰ বাবেও নিৰ্দেশনা দিয়া হৈছে।
বানাক্ৰান্ত অঞ্চলৰ পথ, উৰণীয়া সেতু, আৰু বিশেষকৈ বিদ্যুৎ পৰিবাহী লাইনৰ ওপৰত চকু ৰাখিবলৈ কোৱা হৈছে।
বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি অহা কেইঘণ্টামানৰ ভিতৰত ঘণ্টাত ৫০ৰ পৰা ৬০ কিলোমিটাৰ বেগেৰে বতাহৰ ধুমুহাকে ধৰি কেবাটাও অঞ্চলত ধুমুহা আৰু বৰষুণৰ সম্ভাৱনা আছে। ইতিমধ্যে মুম্বাইৰ কেবাটাও অঞ্চলত হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে।