বিমান যাত্ৰাত হঠাতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিক চৰ শোধালে পত্নীয়ে 

images 14 3

 

ভিয়েটনামৰ ৰাজধানী হান’য়ত এখন বিমানৰ পৰা নামিবলৈ সাজু হোৱাৰ সময়ত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ক পত্নী ব্রিগিট মেক্ৰ’ৱে হঠাতে গালত চৰ শোধালে।

ৰাষ্ট্ৰপতিজনক আদৰিবলৈ সাজু থকা বিমানকোঠত উপস্থিত থকা সাংবাদিকৰ কেমেৰাত এই ঘটনা বন্দী হয়। এই ভিডিঅ’ কিছু সময়ৰ পাছতে সামাজিক মাধ্যমৰ জৰিয়তে ভাইৰেল হয়।

ভিডিঅ’ত আবদ্ধ হোৱা দৃশ্য অনুসৰি বিমানৰ দুৱাৰ খোল খোৱাৰ লগে লগে ব্রিগিতে ইমানুৱেলৰ গালত চৰ মৰা প্ৰত্যক্ষ হয়।

আকস্মিক আঘাতত ইমানুৱেলে প্রথমতে পিছুৱাই যায় যদিও সন্মুখত সংবাদ মাধ্যম আৰু কেমেৰা প্ৰত্যক্ষ কৰি মিচিকিয়াই হাঁহি মাৰি নীৰৱে বিমানৰ ভিতৰলৈ সোমাই যায়।

আৰম্ভণিতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে এই ভিডিঅ’ কৃত্রিম বুদ্ধিমত্তা (এআই)ৰ দ্বাৰা তৈয়াৰী ভুৱা ভিডিঅ’ বুলি দাবী কৰিছিল; কিন্তু পাছত মেক্ৰ’ৰ ঘনিষ্ঠই উক্ত ঘটনাক স্বামী-স্ত্ৰীৰ ব্যক্তিগত মতানৈক্য বুলি অভিহিত কৰে।

ব্রিগিট ইমানুৱেলতকৈ বয়সত ২৪ বছৰৰ ডাঙৰ আৰু দুয়ো প্ৰেমত পৰি বিবাহপাশত আবদ্ধ হৈছিল।

Exit mobile version