মুম্বাই বিমানবন্দৰত বোমাতংক! 

IMG 20250527 154817

Mumbai Airport: পুনৰ বোমাতংক মুম্বাইৰ ছাত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত । মঙলবাৰে দুপৰীয়া এক ভাবুকিমূলক ফোনে চাঞ্চল্যৰ সৃষ্টি কৰে।

নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি খৰখেদাকৈ বিমানবন্দৰটো খালী কৰা হয়। সকলোকে নিৰাপদে উলিয়াই অনা হৈছে । ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু বোমা স্কোয়াড।

তথ্য অনুসৰি , ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে এজন অচিনাক্ত যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

তথ্য অনুসৰি, মঙলবাৰে মুম্বাই আৰক্ষীয়ে এটা ভাবুকি ফোন লাভ কৰে। কোৱা হৈছে, “বোমাত উৰুৱাই দিয়া হ’ব বিমানবন্দৰ।বহু মানুহৰ মৃত্যু হ’ব পাৰে।”

তাৰ পাছতে বিমানবন্দৰত উপস্থিত হয় আৰক্ষী আৰু বোমা স্কোয়াড । সম্প্ৰতি সেই স্থানত তদন্ত অব্যাহত ৰাখিছে। কিন্তু কোনে এই ভাবুকি বাৰ্তা প্ৰেৰণ কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

অৱশ্যে ইতিমধ্যে আৰক্ষীয়ে এজন অচিনাক্ত যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।উল্লেখ্য যে, শেহতীয়া তথ্য অনুসৰি বিমানবন্দৰটোত এতিয়ালৈকে কোনো বোমা উদ্ধাৰ হোৱা নাই।

Exit mobile version