Narendra Modi: পুনৰ পাকিস্তানক সকীয়নি প্রদান কৰিলে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। মাত্র কিছুদিন পূর্বে ৰাজস্থানৰ পৰা পাকিস্তানক হুংকাৰ দি প্রধানমন্ত্রীয়ে কৈছিল যে তেওঁৰ শৰীৰত তেজ নহয়, গৰম সিন্দুৰ প্রভাৱিত হৈছে।
কালি গুজৰাটত এক সমাৱেশৰ পৰাও একে সুৰতে সকীয়নি প্রদান কৰি প্ৰধানমন্ত্ৰীয়ে কয়,’কোনোবাই সিন্দূৰ মচিবলৈ আহিলে তেওঁলোককো মচি পেলাব লাগিব।’
পাকিস্তানক সন্ত্রাসবাদৰ বিৰুদ্ধে সকীয়নি দি ইয়াৰ ৰাইজক সন্ত্রাসবাদৰ বিৰুদ্ধে থিয় দিবলৈ কয়। প্রধানমন্ত্রী ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু পাকিস্তানৰ হাহাকাৰ পৰিস্থিতিৰ মাজত তুলনা কৰে।
পাকিস্তানক কঠোৰ সকীয়নি প্রদান কৰি মোদীয়ে ইয়াৰ ৰাইজক প্রত্যক্ষভাৱে সম্বোধন কৰি কয় যে কেৱল পাকিস্তানৰ মানুহে সন্ত্রাসবাদৰ ৰোগ আৰোগ্য কৰিব পাৰিব।
তেওঁ কয়, ‘মই পাকিস্তানৰ মানুহক সুধিব বিচাৰো.. আপোনালোকে সন্ত্রাসবাদৰ পৰা কি লাভ কৰিলে? ভাৰত এতিয়া বিশ্বৰ চতুৰ্থ বৃহত্তম অর্থনীতি। আপোনালোক ক’ত আছে?’
তেওঁ পাকিস্তানৰ যুৱচামক এইদৰে লগতে কয়, ‘পাকিস্তানক সন্ত্রাসবাদৰ ৰোগৰ পৰা মুক্ত কৰিবলৈ পাকিস্তানৰ মানুহ আগবাঢ়ি আহিব লাগিব। তেওঁলোকৰ যুৱপ্ৰজন্ম আগবাঢ়ি অহা উচিত। শান্তিৰ জীৱন জীয়াওক, নিজৰ ৰুটি খাওক, অন্যথা মোৰ বুলেট আছেই।’
প্রধানমন্ত্রীয়ে অপাৰেছন সিন্দূৰক ভাৰতৰ সংস্কাৰ আৰু আৱেগৰ অভিব্যক্তি বুলিও কয়। দাহোদ আৰু ভুজৰ সভাত পহলগামৰ সন্ত্রাসবাদৰ আক্ৰমণৰ কথা উত্থাপন কৰি মোদীয়ে কয়, ‘জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদে যি কৰিছে তাৰ ওচৰত ভাৰতে মনে মনে বহি থাকিব পাৰিলেহেঁতেন নেকি?
মোদীয়ে মনে মনে থাকিব পাৰিলেহেঁতেন নেকি? কোনোবাই যেতিয়া আমাৰ ভগ্নীসকলৰ সিন্দূৰ মচিবলৈ আহিব তেতিয়াই তেওঁলোককো মচি পেলাব লাগিব। এয়াই নিশ্চিত। অপাৰেছন সিন্দূৰ এক সামৰিক অভিযান নহয়, এয়া ভাৰতীয়ৰ সংস্কাৰ, আৱেগৰ অভিব্যক্তি।’
মোদীয়ে পুনৰ কয়, ‘যিয়ে সন্ত্ৰাসৰ পৰিৱেশৰ সৃষ্টি কৰিলে তেওঁলোকে সপোনতো ভাবিব পৰা নাছিল যে মোদীৰ স’তে মোকাবিলা কৰাটো কিমান কঠিন। মোদীয়ে কয়, ‘সন্তানৰ সন্মুখত পিতৃক গুলীয়াইছে। সেই ছবিবোৰ দেখিলে তেজ গৰম হয়। সন্ত্রাসবাদীসকলে ১৪০ কোটি ভাৰতীয়ক প্রত্যাহ্বান জনাইছিল। মোদীয়ে সেয়ে কৰিছে যাৰ বাবে দেশবাসীয়ে মোক প্রধানমন্ত্রী বনাইছিল।’
পহলগামৰ ঘটনাৰ পাছত সেনাবাহিনীক পাকিস্তানৰ বিৰুদ্ধে প্রত্যাঘাত কৰিবলৈ পূৰ্ণ স্বাধীনতা দিছিল প্রধানমন্ত্রীয়ে। তেওঁ এই বিষয়টো উল্লেখ কৰি কয়, ‘তিনিওটা বাহিনীকে মই পূর্ণ স্বাধীনতা দিছিলো। তেওঁলোকে যি কৰি দেখুৱালে সেয়া সমগ্র বিশ্বই বহু দশক ধৰি দেখা নাছিল। আমি সীমান্তৰ সিপাৰে সন্ত্রাসবাদীৰ সৰ্ববৃহৎ নটা ঘাটি বিচাৰি উলিয়াইছিলো। ২২ এপ্রিলত পহলগামত তেওঁলোকে যি খেল খেলিছিল, সেয়া ছয় মে’ৰ নিশা ২২ মিনিটৰ ভিতৰতে আমি তাক ধূলিত মিহলি কৰি পেলালো। তাৰ পাছত পাকিস্তানী সেনাই যেতিয়া দুঃসাহস দেখুৱালে তেতিয়া আমাৰ সেনাবাহিনীয়ে তেওঁলোকৰ অৱস্থাও শোচনীয় কৰিলে।ভাৰতীয় সেনাৰ শৌৰ্যক মই প্রণাম জনাইছো।’
পাকিস্তানক কটাক্ষ কৰি মোদীয়ে পুনৰ কয়, ‘দেশ বিভাজনৰ পাছত যিখন দেশৰ জন্ম হৈছিল, তাৰ একমাত্র লক্ষ্য হৈছে ভাৰতৰ স’তে শত্রুতা কৰা। ভাৰতক ঘৃণ কৰা, ভাৰতক ক্ষতি কৰা। কিন্তু ভাৰতৰ লক্ষ্য সেয়া নহয়, ভাৰতৰ লক্ষ্য হৈছে দেশৰ পৰা দাৰিদ্র্য নিবাৰণ। দেশৰ অৰ্থনীতি শক্তিশালী কৰা আৰু দেশৰ সেনা মজবুত হ’লে বিকশিত ভাৰত নিৰ্মাণ সম্ভৱ। আমি তাৰ বাবে অহৰহ কাম কৰি আছো।’