Gaza: গাজা ভূখণ্ডত ইজৰাইলৰ অবিৰত আক্ৰমণৰ মাজতে সোমবাৰে হামাছে শান্তি আলোচনাত সন্মতি প্ৰকাশ কৰিছে বুলি প্ৰকাশ্যেত আহিছে । তথাপিও হামাছ আৰু আমেৰিকাৰ ‘যুদ্ধবিৰতি’ প্ৰস্তাৱৰ ওপৰত এতিয়াও বেলেগ বেলেগ মতামত। ইফালে সোমবাৰৰ পৰা ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণৰ ফলত কেৱল গাজাতেই ৮১ জন লোকৰ মৃত্যু হৈছে। যাৰ ভিতৰত আছে বহু শিশু।
সোমবাৰে প্ৰকাশ্যেত আহিছে যে হামাছে আমেৰিকাৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰিছে। পেলেষ্টাইন সমৰ্থক সশস্ত্ৰ সংগঠন হামাছক গাজাত যুদ্ধবিৰতি সন্দৰ্ভত নতুন প্ৰস্তাৱ আগবঢ়াইছে আমেৰিকাৰ বিশেষ দূত ষ্টিভ উইটকফে।
পেলেষ্টাইন সমৰ্থক সশস্ত্ৰ সংগঠন হামাছক গাজাত যুদ্ধবিৰতি সন্দৰ্ভত নতুন প্ৰস্তাৱ আগবঢ়াইছে আমেৰিকাৰ বিশেষ দূত ষ্টিভ উইটকফে। পেলেষ্টাইনৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি,এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।
অৱশ্যে ‘আল জাজীৰা’ নামৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধবিৰতি সম্পৰ্কে ৱাশ্বিংটনত থকা আমেৰিকান বিষয়াসকলে কি কৈছে আৰু হামাছে এই সম্পৰ্কে কি কৈছে তাৰ মাজত এক বৃহৎ পাৰ্থক্য আছে।
উইটকফৰ ঘনিষ্ঠ এজন আমেৰিকান বিষয়াই কয় যে হামাছৰ এই দাবী “অসত্য”। দুয়োপক্ষৰ মাজত যুদ্ধবিৰতি সন্দৰ্ভত কোনো আলোচনা হোৱা নাই।
আমেৰিকাই হামাছৰ স’তে নহয়, ইজৰাইলৰ স’তে অস্থায়ী যুদ্ধবিৰতিৰ আলোচনা কৰিব বিচাৰে। বিনিময়ত দুয়োপক্ষই নিজৰ যুদ্ধবন্দীৰ আধাখিনি ঘূৰাই দিব লাগিব।
ইয়াৰ দ্বাৰা অদূৰ ভৱিষ্যতে দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে ‘স্থায়ী যুদ্ধবিৰতি’ সম্পৰ্কীয় আলোচনাৰ বাট মুকলি হ’ব পাৰে বুলি হোয়াইট হাউছৰ অনুমান কৰে।
অৱশ্যে এই যুদ্ধবিৰতিৰ প্ৰস্তাৱক লৈ এতিয়ালৈকে ইজৰাইলৰ পৰা কোনো সঁহাৰি পোৱা নাই।আনহাতে, বিগত ২৪ ঘন্টাত গাজাত ইজৰাইলৰ বোমা বিস্ফোৰণত এতিয়ালৈকে ৮১ জন লোক নিহত হৈছে।
সোমবাৰে পুৱা গাজাত ইজৰাইলৰ বিমান আক্ৰমণত ৪৬ জন লোক নিহত হয়। ৫৫ জনতকৈ অধিক লোক আহত হয়।
ইয়াৰে ৩১ জনৰ মৃত্যু হয় গাজাৰ ফাহমি আল জাৰ্জাবি স্কুলত স্থাপন কৰা অস্থায়ী আশ্ৰয় শিবিৰত। নিশাৰ আন্ধাৰত ইজৰাইলৰ আক্ৰমণৰ সময়ত তাত আশ্ৰয় লৈ থকা শৰণাৰ্থীসকলৰ টোপনিতে মৃত্যু হয়। নিহতসকলৰ ভিতৰত কেবাটাও শিশুও আছিল।
সেই বিদ্যালয়ত আশ্ৰয় লোৱাসকলৰ ভিতৰত অলৌকিকভাৱে জীৱন ৰক্ষা পৰিল ৱাৰ্ড শ্বেখ খলিল নামৰ এজন সাত বছৰীয়া ল’ৰা! অৱশ্যে একেটা আক্ৰমণতে ৱাৰ্ডৰ মাতৃ আৰু ছয় ভাই-ভনীৰ মৃত্যু হয়।
প্ৰসংগক্ৰমে ২০২৩ চনৰ সাত অক্টোবৰত পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছে ইজৰাইলৰ ভূখণ্ডত আক্ৰমণ চলাইছিল।তাৰ পাছৰে পৰা বেঞ্জামিন নেতানিয়াহুৰ বাহিনীয়ে গাজাত অবিৰতভাৱে ধ্বংসলীলা চলাই আহিছে।
অৱশেষত কাটাৰৰ মধ্যস্থতা আৰু আমেৰিকা আৰু ইজিপ্তৰ প্ৰচেষ্টাত ইজৰাইল আৰু হামাছে ১৫ জানুৱাৰীৰ নিশা যুদ্ধবিৰতিৰ বাবে সন্মত হয়।১৯ জানুৱাৰীৰ পৰাও যুদ্ধবিৰতি কাৰ্যকৰী হয়।
কিন্তু পণবন্দীসকলক মুকলি কৰি দিয়াৰ উত্তেজনাৰ বাবে ইজৰাইলৰ সেনাই মাৰ্চৰ আৰম্ভণিতে একপক্ষীয়ভাৱে যুদ্ধবিৰতি ভংগ কৰি গাজাত পুনৰ আক্ৰমণ আৰম্ভ কৰে।
তেতিয়াৰ পৰাই প্ৰায় প্ৰতিদিনে গাজাত ইজৰাইলৰ আক্ৰমণ সংঘটিত হৈ আহিছে। কেৱল সেয়াই নহয়, গাজাত খাদ্য সংকটৰো সৃষ্টি হৈছে।সেই পৰিৱেশতে এইবাৰ যুদ্ধবিৰতিক লৈ চলিছে জল্পনা-কল্পনা ।