ভাৰতৰ উচ্চ মূল্যৰ নোট বাৰু কোনখন?এই প্রশ্ন কৰিলে বহুতেই হতো উত্তৰত ক’ব দুহেজাৰ টকীয়া নোটখনৰ কথা। ২০১৬ত নোটবন্দীৰ সময়ত সেই উচ্চ মূল্যৰ নোটখন বজাৰলৈ আনিছিল ভাৰতীয় ৰিজার্ভ বেংক (আৰবিআই)-এ। যদিও সংশ্লিষ্ট নোটখন আৰু প্ৰচলিত নহয়।
২০২৩ৰ ১৯ মে’ত চৰকাৰে দুহেজাৰ টকীয়া নোটখন প্ৰত্যাহাৰ কৰে। অৱশ্যে লেনদেনৰ ক্ষেত্রত এই গোলাপী ৰঙৰ নোটখনৰ এতিয়াও বৈধতা আছে। আচৰিত কথা যে এই দুহেজাৰ টকীয়া নোটখন কিন্তু ভাৰতৰ সবাতোকৈ দামী নোট নহয়।
ভাৰতৰ বজাৰত যেতিয়া অনা বা আধলিৰ লেখীয়া পইচাৰ আধিপত্য আছিল, তেতিয়াও উচ্চ মূল্যৰ নোট ইছ্যু কৰাত ইতস্ততঃবোধ কৰা নাছিল কেন্দ্রীয় চৰকাৰে। আৰবিআইৰ নথি অনুসৰি, আজি পর্যন্ত জাৰি কৰা সর্বোচ্চ মূল্যৰ টকা হৈছে ১০ হেজাৰ টকীয়া নোট।
ব্রিটিছ ভাৰতত এই নোট প্রচলিত আছিল আৰু স্বাধীনতাৰ পূৰ্বে বন্ধ কৰি দিয়া হয়। যদিও স্বাধীন ভাৰততো সেই নোটখন দীর্ঘদিন ধৰি ভাৰতত প্রচলিত আছিল।
১৯৩৮ত ভাৰতৰ বজাৰলৈ আহে ১০ হেজাৰ টকাৰ নোট। ইয়াৰ ঠিক এবছৰৰ পাছতেই অর্থাৎ ১৯৩৯ত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হয়। ইউৰোপত যুদ্ধ আৰম্ভহোৱাৰ লগে লগে ভাৰতত ক্রমান্বয়ে ক’লা বজাৰ বাঢ়িবলৈ ধৰে।
ইয়াতে উদ্বিগ্ন হৈ পৰে তৎকালীন ব্ৰিটিছ চৰকাৰ। ফলত উচ্চ মূল্যৰ নোট বন্ধ কৰাৰ চিন্তা-চৰ্চা আৰম্ভ হয়। অৱশ্যে যুদ্ধৰ মাজতে ব্ৰিটিছ চৰকাৰে এই বিষয়ত সিদ্ধান্ত ল’ব পৰা নাছিল।
১৯৪৫ৰ ছয় আৰু ন আগষ্টত জাপানৰ হিৰোশ্বিমা আৰু নাগাছাকিত পৰমাণু আক্ৰমণৰ মাজেৰে দ্বিতীয় বিশ্বযুদ্ধ সমাপ্ত হয়। ইয়াৰ পাঁচ মাহৰ পাছত ১৯৪৬ৰ জানুৱাৰীত ভাৰতৰ বজাৰত ১০ হেজাৰ টকাৰ নোট বাতিল কৰে ব্ৰিটিছ চৰকাৰে।
১৯৪৭ত দেশ স্বাধীন হোৱাৰ সাত বছৰৰ পাছত পুনৰ সেই উচ্চ মূল্যৰ নোট প্ৰচলন কৰিছিল কেন্দ্ৰই। ১৯৬৪ত ঘৰুৱা বজাৰলৈ আহে ১০ হেজাৰ আৰু পাঁচ হেজাৰ টকাৰ নোট।
প্ৰধানকৈ বৃহৎ ব্যৱসায়িক লেনদেনৰ কথা মনত ৰাখিয়ে সেই সময়ত উচ্চ মূল্যৰ নোটসমূহ প্ৰচলন কৰিছিল চৰকাৰে। বিগত শতিকাৰ ৭০ দশকৰ শেষৰ ফালে ক’লা টকা উদ্ধাৰ কৰাৰ বাবে কেন্দ্রই বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লয়।
ইয়াৰ ফলত ১৯৭৮ৰ ১৬ জানুৱাৰীত আনুষ্ঠানিকভাৱে বাতিল কৰা হয় ১০ হেজাৰ আৰু পাঁচ হেজাৰ টকাৰ নোট। চলিত শতিকাত পুনৰ ১০ হেজাৰ আৰু পাঁচ হেজাৰ টকাৰ নোট প্ৰচলনৰ প্ৰস্তাৱ দিয়ে আৰবিআইৰ তদানীন্তন গৱৰ্ণৰ ৰঘুৰাম ৰাজনে। যদিও সেই প্ৰস্তাৱ পোনছাটেই নাকচ কৰে পাব্লিক একাউণ্টছ কমিটী (পিএচি) য়ে।
অৱশ্যে সংশ্লিষ্ট কমিটীৰ তৰফৰ পৰা দুহেজাৰ টকাৰ নোট প্ৰচলনৰ অনুমতি প্রদান কৰা হয়। সেই অনুসৰিয়ে ২০১৬ৰ ১৮ মে’ত দুহেজাৰ টকাৰ নোট বজাৰলৈ আনে ভাৰতীয় ৰিজার্ভ বেংকে। উল্লেখ্য যে ২০১৫ত ৰামকুমাৰ নামৰ ডুবাইৰ নিৱাসী এজন ভাৰতীয়ই তেওঁৰ ওচৰত ১০ হেজাৰ টকাৰ নোট থকা বুলি দাবী কৰিছিল।
ফলত সৰ্বত্রে তোলপাৰ লাগে। আৰবিআইৰ সূত্ৰৰ উদ্ধৃত্তি দি ডুবাইৰ এক সংবাদ মাধ্যমে জনায় যে ১৯৭৮৩ নোটবন্দীৰ পূৰ্বে ভাৰতীয় বজাৰত ৩৪৬খন ১০ হেজাৰ টকীয়া নোট আছিল। সম্প্ৰতি বিৰল এই নোট ১০খনো পোৱা যাব নে নাই, তাত অৱশ্যে সন্দেহ আছে।