Heavy traffic jam in Narengi:মহানগৰীৰ নাৰেংগীত পুৱাৰে পৰা অব্যাহত তীব্ৰ যানজঁট

গেইলে গেছৰ পাইপ স্থাপন কৰাৰ বাবে যানজঁটৰ,হাৰাশাস্তিৰ সন্মুখীন পথচাৰীৰ

foto 1

Heavy traffic jam in Narengi:

মহানগৰীৰ জিএছ ৰোড সহ প্ৰায়বোৰ পথত যানজঁট সৃষ্টি হোৱাটো মহানগৰবাসীৰ বাবে অভিন্ন অংগ হৈ পৰিছে ৷ মঙলবাৰে সদাব্যস্ত নাৰেংগীত পুৱাৰে পৰা অব্যাহত থাকে তীব্ৰ যানজঁট ৷ ব্যস্ত থকা পথৰ এটা ফাল হঠাতে বন্ধ কৰি দিয়াৰ বাবে হয় যানজঁট |

উল্লেখ্য যে পথটোৰ এটা ফালে গেইলে গেছৰ পাইপ স্থাপন কৰাৰ বাবে এইদৰে সৃষ্টি হয় যানজঁটৰ ৷ সৰ্বসাধাৰণ ৰাইজৰ প্ৰশ্ন গেইলে এনেবোৰ গুৰুত্বপূৰ্ণ কাম নিশা দহবজাৰ পিচত কৰা উচিত ৷ কিয়নো দিনৰ ভাগত সদাব্যস্ত পথটোৰে বিভিন্ন কাৰ্যলয়ৰ কৰ্মচাৰী আৰু স্কুলীয়া শিক্ষাৰ্থীৰ লগতে সৰ্বসাধাৰণ লোক আহযাহ কৰে ৷

Exit mobile version