Shubhanshu Shukla:সুভাংশু শুক্লা। ভাৰতীয় এই মহাকাশচাৰীৰ নাম বিগত কেবামাহ ধৰি মহাকাশপ্ৰেমিসকলৰ আলোচনাত বাৰে বাৰে উত্থাপিত হৈ আহিছে। এক্সিয়াম-৪ মিছনৰ এক সদস্য হিচাপে তেওঁ যাব মহাকাশলৈ। অহা আঠ জুনৰ পৰা আৰম্ভ হ’ব এই অভিযান।
গতিকে এইবাৰ সুভাংশুৱে এই অভিযানৰ চূড়ান্ত প্ৰস্তুতি আৰম্ভ কৰিছে।যাৰ অংশ হিচাপে তেওঁ ‘প্ৰি-লঞ্চ’ কোৱাৰেণ্টাইনত আছে।
নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা হ’ব এক্স-৪। স্পেচএক্স ড্ৰেগনত ১৪ দিনীয়া মহাজাগতিক যাত্ৰাত অংশগ্ৰহণ কৰিব বিভিন্ন ক্ষেত্ৰৰ মহাকাশচাৰীয়ে। শুক্লা এই গোটৰ অন্যতম।
ভাৰতীয় বায়ুসেনাৰ এই পৰীক্ষামূলক পাইলটটোও গগণিয়ান প্ৰকল্পৰ অংশ। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ভৰি দিয়া প্ৰথমজন ভাৰতীয় মহাকাশচাৰী। তেওঁ পাইলট হিচাপে এই অভিযানত অংশগ্ৰহণকাৰী। এতিয়াৰ বাবে সুভাংশু সেই মিছনৰ বাবে কোৱাৰেণ্টাইনত আছে।
কিন্তু কিয় তেওঁ কোৱাৰেণ্টাইনত থাকিব লগা হৈছে? দৰাচলতে মহাকাশলৈ যোৱাৰ আগতে কোনো ধৰণৰ সংক্ৰমণে শৰীৰত শিপাই নপৰাকৈয়ে এই সাৱধানতা অৱলম্বন কৰে।
কাৰণ মহাকাশ কেন্দ্ৰৰ আৱদ্ধ পৰিৱেশত যদি হঠাতে কোনো ৰোগৰ সৃষ্টি হয়, তেন্তে ইয়াৰ পৰিণতি মাৰাত্মক হ’ব পাৰে।
কেৱল অভিযানৰ সদস্যসকলৰ বাবেই নহয়, ইতিমধ্যে যিসকলক আছে তেঁওলোকৰ বাবেও। মহাকাশচাৰীসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা স্বাভাৱিকতে মহাকাশ কেন্দ্ৰৰ পৰিৱেশত দুৰ্বল হৈ পৰে।
এনে পৰিস্থিতিত বেক্টেৰিয়াৰ সংক্ৰমণে এক বৃহৎ বিপদৰ সৃষ্টি কৰিব পাৰে।
প্ৰসংগক্ৰমে সুভাংশুৰ বাহিৰেও পেগী হুইটছন এই অভিযানৰ ক্ৰু মেম্বাৰৰ কমাণ্ডাৰ হ’ব। থাকিব ইউৰোপীয় মহাকাশ সংস্থাৰ দুজন মহাকাশচাৰী – পোলেণ্ডৰ শ্ব’জ ৱ’জনানস্কি-উইছনিউস্কি আৰু হাংগেৰীৰ টিব’ৰ কাপু। এই অভিযান ইছৰো আৰু নাছাৰ স’তে অংশীদাৰিত্বৰে পৰিকল্পনা কৰা হৈছে।






























