Advantage Assam 2.0 – ৰাজ্য চৰকাৰে ‘এডভান্টেজ আছাম-২’ত সম্পন্ন হোৱা বুজাবুজি চুক্তিসমূহক কাৰ্যকৰী ৰূপ দিবলৈ ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। এনে সময়তে চৰকাৰে বন-পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগত গ্ৰহণ কৰা কেতবোৰ সিদ্ধান্তই বিশেষ চর্চা লাভ কৰিছে।
ইয়াৰে অন্যতম হৈছে বিভাগটোৰ নিৰ্দিষ্ট কে’বাটাও ক্ষমতা কৰ্তন কৰাৰ সমান্তৰালকৈ বিভাগটোৰ বৃহৎ সংখ্যক বিষয়াক ৰদবদল কৰা হৈছে। এই ৰদবদলত ভাৰতীয় বন সেৱাৰ বিষয়াৰ পৰা আৰম্ভ কৰি ৰেঞ্জাৰলৈকে সামৰি লোৱা হৈছে।
এই সমগ্র প্রক্রিয়াটো মাত্র কেইটামান দিনৰ ভিতৰতে সম্পন্ন কৰা হয়। বিভাগটোত চলা চর্চা অনুসৰি, এনে তৎপৰতাৰে অভিকেন্দ্ৰ হ’ল দ্বিতীয় বিনিয়োগ সম্মিলন।
বিনিয়োগ সম্মিলনৰ কে’বাখনো চুক্তি ৰূপায়ণৰ লগত ভূমি আবণ্টনৰ বিষয়টো জড়িত হৈ আছে। সেয়েহে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে সক্ৰিয়তা অব্যাহত ৰাখিছে। এই তৎপৰতাৰ মাজতে সিদ্ধান্ত গ্রহণ কৰা হৈছে যে বনাঞ্চলৰ নতুন সীমা নির্ধাৰণ, নতুন বনাঞ্চল ঘোষণা আদিৰ অধিকাৰ বৰ্তমানৰ দৰে বন-পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ হাতত নাথাকিব।
এই অধিকাৰ লৈ যোৱা হৈছে ৰাজ্য চৰকাৰৰ কেবিনেটলৈ। বিভাগটোৱে শেহতীয়াকৈ জাৰি কৰা এক জাননীত উল্লেখ কৰা হৈছে যে বিনিয়োগ সম্মিলনত সম্পন্ন হোৱা ৩১ খন বুজাবুজি চুক্তিৰ লগত বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগ জড়িত হৈ আছে।
সেয়েহে চুক্তিবোৰৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিবলৈ ভাৰতীয় বন সেৱাৰ বিষয়া ৰোহিণী বল্লভ শইকীয়াক ন’ডেল বিষয়াৰূপে শেহতীয়াকৈ নিযুক্তি দিয়া হয়। এই সন্দৰ্ভত জাৰি কৰা অধিসূচনাত উল্লেখ কৰা অনুসৰি, বুজাবুজি চুক্তিসমূহ আগবঢ়াই নিয়া আৰু ইয়াৰ বাবে যুক্তিসংগত সিদ্ধান্তৰে প্ৰক্ৰিয়াবোৰ শেষ কৰিবলৈ শইকীয়াক এই নিযুক্তি প্ৰদান কৰা হৈছে।
ইয়াৰ পাছতে বিভাগটোৱে ভাৰতীয় বন সেৱা আৰু অসম বন সেৱাৰ ২০ জন বিষয়াক ৰদবদল কৰে। তাৰ সমান্তৰালকৈ ১৪ জন ফৰেষ্ট ৰেঞ্জাৰৰ মাজতো ৰদবদল কৰা হয়। এই প্ৰক্ৰিয়াৰ সমান্তৰালভাৱে বিভাগে শেহতীয়াকৈ এখন কার্যালয় স্মাৰক (অফিচ মেম’ৰেণ্ডাম) জাৰি কৰে।
ইচিএফ/৬৪৩৮৬৯/০৩ নম্বৰৰ কাৰ্যালয় স্মাৰকখনৰ জৰিয়তে নিৰ্দেশ জাৰি কৰা হৈছে যে সংৰক্ষিত বনাঞ্চলৰ মৰ্যাদা প্রদান, সীমাৰ পৰিৱৰ্তন কৰা আদি সিদ্ধান্ত বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ বাদেও সর্বোচ্চ কার্যবাহী পৰ্যায়ত তথা অসম চৰকাৰৰ কেবিনেটত বিবেচনা কৰাটো প্রয়োজনীয়।
কাৰণ বন নিয়মাৱলী-১৮৯১ আৰু বন্যপ্রাণী (সুৰক্ষা) আইন-১৯৭২ৰ অধীনত গ্ৰহণ কৰা তেনে সিদ্ধান্তৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ থাকে। গতিকে বিভাগটোৱে নিজে সিদ্ধান্ত লোৱাৰ পূৰ্বে মন্ত্রীসভাৰ কেবিনেট বৈঠকৰ অনুমোদন লোৱাৰ প্ৰয়োজন আছে। কাৰ্যালয় স্মাৰকত এই সন্দর্ভত দুটা নির্দেশ উল্লেখ কৰা হৈছে।
প্রথম নির্দেশ অনুসৰি, সংৰক্ষিত অঞ্চলৰ ঘোষণা, সংশোধনৰ যিকোনো প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ পূৰ্বে কেবিনেটৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰিব লাগিব। দ্বিতীয় প্রস্তাৱটোত উল্লেখ কৰা হৈছে যে বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিভাগে নিশ্চিত কৰিব লাগিব যে কেবিনেট বৈঠকত অনুমোদন নোহোৱালৈকে তেনে সিদ্ধান্ত বিভাগীয় স্তৰত গ্ৰহণ কৰা নহয়।
বিভাগৰ যুটীয়া সচিব শশীন্দ্ৰ দাস স্বাক্ষৰিত কাৰ্যালয় স্মাৰকত উল্লেখ কৰা অনুসৰি, জাৰি কৰা নিৰ্দেশনাসমূহ তাৎক্ষণিকভাৱে বলবৎ হ’ব।বিভাগীয় সূত্রই ‘দৈনিক অগ্রদূত’ক কয় যে এই সমগ্ৰ তৎপৰতাৰ অন্তৰালত বিনিয়োগ সন্মিলনত হোৱা চুক্তিত উল্লেখ থকা ভূমিৰ বিষয়টো জড়িত হৈ আছে।
অসম চৰকাৰে যিকোনো উপায়ৰে চুক্তিত স্বাক্ষৰকাৰীসকলক প্রয়োজনীয় ভূমি প্ৰদানৰ বাবে উঠি-পৰি লাগিছে। ভূমিকেন্দ্ৰিক কোনো বিষয়ৰ বাবে যাতে চুক্তি ৰূপায়ণ স্থৱিৰ হৈ নাযায়, সেই ক্ষেত্রত স্বয়ং মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই বিশেষ উদ্যোগ গ্রহণ কৰিছে। তাৰে ফলশ্ৰুতিত বন বিভাগত চলি অহা বিষয়ত মুখ্যমন্ত্রীয়ে শেহতীয়াকৈ হস্তক্ষেপ কৰে।
চৰকাৰে কে’বাটাও নিৰ্মাণ কাৰ্যৰ বাবে ভূমি আবণ্টন দিব বিচৰাক লৈ ৰাজ্যৰ একাধিক স্থানত ইতিমধ্যে চৰকাৰ বিৰোধী প্রতিবাদ আৰম্ভ হৈছে। ইয়াৰ বিপৰীতে কেবিনেট বৈঠকৰ জৰিয়তে বনাঞ্চলৰ ভূমিক লৈ ইতিমধ্যে কে’বাটাও সিদ্ধান্ত গ্রহণ কৰা হৈছে।