Cattle Seized In Golokganj:
কিছুদিন ধৰি ৰাজ্যৰ চৌদিশে চোৰাং গৰু সৰবৰাহকাৰীৰ তৎপৰতা বৃদ্ধি পোৱাৰ বিপৰীতে আৰক্ষীৰ নিলিপ্ততা ভূমিকাক লৈ ক্ষোভিত হৈছে সৰ্বসাধাৰণ ৰাইজ ৷ অৱশ্যে অসম-পশ্চিমবংগ সীমান্তত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে শেহতীয়াকৈ তৎপৰ হৈছে গোলোকগঞ্জ আৰক্ষী ৷ মঙলবাৰে নিশা আৰক্ষীৰ ভয়ত পলাবলৈ গৈ দুই স্থানত দুখন চোৰাং গৰু কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত হয় ৷ উদ্ধাৰ হয় ৯ টাকৈ চোৰাং গৰু ।
প্ৰাপ্ত খবৰ মতে গোলকগঞ্জৰ বিছনদৈত যোৱা নিশা চোৰাং গৰু কঢ়িওৱা এএছ০১-কে৫৮৬৩ AS 01 K 5863 নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ধাননি পথাৰত সোমায়। দুৰ্ঘটনা সংঘটিত কৰিয়েই চালকজনে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰে। স্থানীয় ৰাইজে গোলকগঞ্জ আৰক্ষীক খৱৰ দিয়ে। আৰক্ষী উপস্থিত হৈ বাহন খনৰ পৰা ৩ টাকৈ চোৰাং গৰু উদ্ধাৰ কৰে।
আনহাতে আগমনি আৰক্ষীয়ে গৰু কঢ়িয়াই নিয়া এএছ০১-ৱান ২৪০০ নম্বৰৰ ছুইফ্ট ডিজায়াৰ বাহনক খেদি যায়। বাহন খন তীব্ৰ বেগত গোলকগঞ্জৰ টাইবান্ধ হৈ হৰিহাট অভিমুখে গতি কৰে। কিন্তু আৰক্ষীৰ ভয়ত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে। ইয়াতো দুৰ্ঘটনা সংঘটিত কৰিয়েই চালক পলায়ন কৰে। গোলকগঞ্জ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাহন খনৰ পৰা ৬ টাকৈ গৰু উদ্ধাৰ কৰে। উল্লেখ্য যে এই বাহন খনত ডিবি নিউজ নামৰ এটি পৰ্টেলৰ ল’গো পোৱা গৈছে।
উল্লেখ্য যে,অসম- পশ্চিমবংগ সীমান্তত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ প’ৰ্টেল সাংবাদিকে দীৰ্ঘদিনৰ পৰাই গোমাংস আৰু গো সৰবৰাহত জড়িত থকাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ অসম- পশ্চিমবংগ সীমান্তৱৰ্তী সচেতন ৰাইজে এই প’ৰ্টেল সাংবাদিকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ দাবী জনাইছে।