Income tax return:আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমা ১৫ ছেপ্টেম্বৰলৈ বৃদ্ধি

income

Income tax return:

আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমা অহা ১৫ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ প্ৰ-পত্ৰত বৃহৎ সাল-সলনি সংযোজিত হোৱাৰ পৰিপ্ৰেক্ষিতত২০২৪-২৫ৰ আয়কৰ ৰিটাৰ্ণৰ সময়সীমা অহা ৩১ জুলাইৰ পৰিৱৰ্তে ১৫ ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে।

ADVERTISEMENT

কেন্দ্রীয় প্রত্যক্ষ কৰ ব’ৰ্ড (চিবিডিটি)-এ এই কথা ঘোষণা কৰে। উল্লেখ্য যে আয়কৰ ৰিটার্ণ দাখিলৰ ছফ্টৱেৰ চৰকাৰে মুকলি নকৰা বুলি সৰৱ হৈ উঠে দেশৰ চার্টার্ড একাউনটেন্ট সমাজ। ইয়াৰ পৰিপ্ৰেক্ষিতত আয়কৰ ৰিটাৰ্ণৰ সময়সীমা বৃদ্ধি কৰা হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

উল্লেখ্য যে আয়কৰ ৰিটাৰ্ণৰ জৰিয়তে একোটা বিত্তীয় বর্ষত আদায় দিব লগা মুঠ আয়কৰৰ পৰিমাণ চৰকাৰক জনোৱা হয়। আয়কৰ ৰিটাৰ্ণ হৈছে এখন প্ৰ-পত্র। এই প্ৰ-পত্ৰৰ জৰিয়তে আয়কৰ দাতাসকলে আয়ৰ লগতে ৰেহাই দাবী আৰু পৰিশোধ কৰা কৰৰ বিষয়ে চৰকাৰক জনায়।

Exit mobile version