Ripun Bora:
প্রদেশ কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি তথা লোকসভাৰ বিৰোেধী দলপতি গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই পাকিস্তানৰে যোগাযোেগ থকা বুলি উত্থাপন কৰি অহা অভিযোগসমূহক লৈ সৰৱ হৈ থকা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে এছআইটিৰ চমন জাৰি ৷
উল্লেখ্য যে গৌৰৱ গগৈৰ পাকিস্তান লিংক গোচৰত ৰিপুণ বৰাৰ নাম সন্নিৱিষ্ট এছআইটিৰ ৷ পাকিস্তান ভ্ৰমণৰ সময়ত ৰিপুণ বৰাৰ সৈতে গৌৰৱ গগৈ যোগাযোগত থকাৰ অভিযোগ৷ যাৰবাবে উক্ত অভিযোগৰ ভিত্তিত ৰিপুণ বৰাক চিএম ভিজিলেন্স কাৰ্যালয়ত জেৰা চলাব এছআইটিয়ে |
সেই অনুসৰি বৃহস্পতিবাৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাজনক ৰিপুণ বৰাক চিএম ভিজিলেন্সত হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰে এছআইটিয়ে। মনকৰিবলগীয়া যে চিআইডিত ইতিমধ্যে ৰুজু হোৱা ৫/২৫ নম্বৰৰ গোচৰত ৰিপুণ বৰাক এছআইটিৰ কৰা হৈছে তলব ৷
আনহাতে এছআইটিৰ জেৰাৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৰিপুন বৰাৰ ৷ এয়া মোৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰতিশোধ৷ মোক ভয় খোৱাবলৈ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ জেললৈ যাব লগা হলেও যাবলৈ সাজু আছো ৷ জ্যেষ্ঠ নেতা গৰাকীয়ে আৰু কয় যে ,’মই আলি টৌকি শ্বেখৰ নাম শুনা নাই ৷ মই কৰা মন্তব্যৰ বিভ্ৰান্তি কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ মই গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লোৱাৰ কথা কোৱা নাছিলো ৷ এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছে ৷ মুখ্যমন্ত্ৰীৰ কথাৰ উদ্ধৃতি দি মই পাকিস্তানৰ পৰা দৰমহা লব পাৰে বুলি কৈছিলো ৷ সেয়াও মই যদিহে শব্দ ব্যৱহাৰ কৰিছিলো ৷ কিয়নো বহু ভাৰতীয় মানুহে পাকিস্তানৰ পৰা দৰমহা গ্ৰহণ কৰি আছে ৷
ৰিপুণ বৰাই আৰু কয় যে,একেদৰে পাকিস্তানৰ পৰাও বহু মানুহে ভাৰতৰ পৰা দৰমহা লৈ আছে ৷ সেই সকলোবোৰ বিধিসন্মতভাৱে গ্ৰহণ কৰি আছে | একেদৰে যদি গৌৰৱ গগৈৰ পত্নীয়েও যদি বিধি সন্মতভাৱে দৰমহা গ্ৰহণ কৰি আছে তেন্তে আপত্তি ক’ত৷ সেয়াহে আছিল মোৰ প্ৰশ্ন ৷ মোৰ পোনপটীয়া প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি মুখ্যমন্ত্ৰীয়ে মোৰ বিৰুদ্ধে ৰাজনৈতিক প্ৰতিষোধ ল’বলৈ এছআইটি ব্যৱহাৰ কৰিছে ৷ এনে প্ৰেক্ষাপটত বৃহস্পতিবাৰে দিনৰ ১১ বজাত চিএম ভিজিলেঞ্চত হাজিৰ হ’ব বুলি সদৰি কৰে ৰিপুন বৰাই ৷