চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

images 30 1

চাহৰ লগত ধূমপান কৰাটো একাংশ লোকৰ অভ্যাসত পৰিণত হৈছে। এই অভ্যাসে শৰীৰৰ গুৰুতৰ ক্ষতি কৰে। আড্ডা মাৰি থাকোতে চাহৰ দোকান এখনত গাখীৰৰ চাহ একাপ অৰ্ডাৰ কৰে। আৰু লগতে চিগাৰেট এটা জুলাই ল’ব।

পুৱা হওক বা গধূলি হওক, চাহৰ লগত ধূমপান কৰাটো একাংশ লোকৰ অভ্যাসত পৰিণত হৈছে। কিন্তু কি বেয়া অভ্যাস। চাহৰ লগত ধূমপান কৰিলে আপোনাৰ আয়ুস হ্রাস পাব পাৰে। ‘এনালছ অৱ ইণ্টাৰনেল মেডিচিন’ত প্রকাশিত এক গৱেষণাপত্রত প্রকাশ পাইছে যে চাহৰ স’তে ধূমপান কৰিলে শৰীৰৰ একাধিক ক্ষতি হয়।

গৰম চাহৰ লগত ধূমপান কৰিলে খাদ্যনলীৰ কোষৰ গুৰুতৰ ক্ষতি হয়। ইয়াৰ ফলত কেন্সাৰ বা কর্কট হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

চাহত কেফেইন থাকে। চাহ খোৱাৰ লগে লগে পেটত এক বিশেষ ধৰণৰ এচিড উৎপন্ন হয়, যিয়ে হজম শক্তিত সহায় কৰে। কিন্তু যদি আপুনি অত্যধিক পৰিমাণৰ কেফেইন সেৱন কৰে তেন্তে ই পেটৰ আৱৰণৰ ক্ষতি কৰে।

আনহাতে চিগাৰেটত প্ৰচুৰ পৰিমাণে নিকোটিন থাকে, খালী পেটত চাহ-চিগাৰেট খালে মূৰৰ বিষ, মূৰ ঘূৰোৱাৰ দৰে সমস্যাৰ সৃষ্টি হয়। এই বেয়া অভ্যাস যদি দিনৰ পাছত দিন চলি থাকে তেন্তে কেন্সাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়।

গৰম চাহৰ ধোঁৱা, চিগাৰেটৰ ধোঁৱা আদিয়ে হাঁওফাঁওৰ ব্যাপক ক্ষতি কৰে। চাহৰ লগত ধূমপান কৰিলে হাঁওফাঁওৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

ইয়াৰ বাহিৰেও খাদ্যনলীৰ কৰ্কট ৰোগ, হৃদৰোগ, ডিঙিৰ কৰ্কট ৰোগ, পেটৰ ঘা, মগজু আৰু হৃদৰোগ আদি হ’ব পাৰে। চিকিৎসকৰ মতে ধূমপায়ীসকলৰ মাজত হৃদৰোগৰ সম্ভাৱনা আনতকৈ সাত শতাংশ বেছি। কেৱল সেয়াই নহয়, ধূমপানে আপোনাৰ আয়ুস ২০ বছৰ হ্ৰাস কৰিব পাৰে।

Exit mobile version