প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুখদেৱ সিং ধীন্দছাৰৰ দেহাৱসান!

ৰাজনৈতিক মহলত শোকৰ ছাঁ 

images 28 2

Sukhdev Singh Dhindsa:পুনৰ নক্ষত্ৰপতন। প্ৰয়াত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা শিৰোমণি আকালি দলৰ জ্যেষ্ঠ নেতা সদস্য সুখদেৱ সিং ধীন্দছাৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ।কেবামাহো ধৰি তেওঁ বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল।

কিছুদিন পূৰ্বে তেওঁক পঞ্জাৱৰ মোহলীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বুধবাৰে পুৱা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । কংগ্ৰেছ নেতা অমৰিন্দৰ সিং ৰাজাই টুইটাৰযোগে তেওঁৰ মৃত্যুৰ কথা ঘোষণা কৰে।

তেওঁ নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘চৰ্দাৰ সুখদেৱ সিং ধীন্দছা চাহেবৰ মৃত্যুত মই গভীৰ শোক প্ৰকাশ কৰিছো। ছয় দশকৰো অধিক সময় তেওঁ পঞ্জাৱত সেৱা আগবঢ়াই আহিছে। আজি আমি এই মহান সন্তানক হেৰুৱালোঁ। ৰাষ্ট্ৰ আৰু জাতীয় ৰাজনীতিত তেওঁৰ অৱদান অনস্বীকাৰ্য।’

সুখদেৱে বাজপেয়ী মন্ত্ৰীসভাত কেবাটাও গুৰুত্বপূৰ্ণ মন্ত্ৰালায়ৰ দায়িত্ব পালন কৰিছিল। ক্ৰীয়া, ৰাসায়নিক, সাৰ যেতিয়াই যি দায়িত্ব পাইছে তেওঁ দক্ষতাৰে চম্ভালিছিল।

তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ঘনিষ্ঠ আৰু বিশ্বাসযোগ্য আত্মবিশ্বাসী হিচাপে পৰিচিত আছিল।২০০৪ চনত তেওঁ পদ্মশ্ৰী বঁটাৰে সন্মানিত হৈছিল।

Exit mobile version