পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি! মুম্বাইৰ পৰা গ্ৰেপ্তাৰ অভিযন্তা 

arrest cover 1

Maharashtra: পাকিস্তানৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত মহাৰাষ্ট্ৰৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। অভিযুক্ত ৰবি মুৰলীধৰ ভাৰ্মাই এটা সংগঠনত কৰ্মৰত আছিল। সম্প্ৰতি তেওঁক থানে কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই বিগত বছৰৰ নৱেম্বৰৰ পৰা চলিত বৰ্ষৰ মাৰ্চলৈকে পাকিস্তানৰ চোৰাংচোৱা সংস্থাক একাধিক তথ্য সৰবৰাহ কৰিছে।

ছচিয়েল মিডিয়াৰ জৰিয়তে তেওঁ পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইলৈ দেশখনৰ কেবাটাও তথ্য চোৰাংভাৱে প্ৰচাৰ কৰিছে ।

মুম্বাই আৰক্ষী আৰু থানে আৰক্ষীৰ যৌথ অভিযানত ৰবিক গ্ৰেপ্তাৰ কৰা হয়।তথ্য অনুসৰি ধৃত ব্যক্তিজন এজন চিভিল ইঞ্জিনিয়াৰ। বৰ্তমান তেওঁ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল। আৰক্ষীয়ে জনোৱা মতে, তেওঁৰ দুই সহকৰ্মীকো সোধা-পোছা কৰা হৈছে।

Exit mobile version